অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। আজিৰ এই দিনটোক ‘অসমৰ বাবে এক মহৎ দিন’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে শৰ্মাৰ নেতৃত্ব আৰু প্ৰশাসনিক দক্ষতাৰ ভূয়সী প্ৰশংসা কৰে। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নিজেই উপস্থিত থাকি চৰকাৰখনক আশীৰ্বাদ প্ৰদান কৰে।

সামাজিক মাধ্যম এক্সত এক পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “অসমৰ বাবে এক মহৎ দিন! ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছে। শপত গ্ৰহণ কৰা ড° হিমন্ত বিশ্ব শৰ্মা জীক অভিনন্দন জনাইছোঁ। তেওঁ এগৰাকী সুদক্ষ প্ৰশাসক হিচাপে নিজৰ পৰিচয় দিয়াৰ লগতে ৰাজ্যখনৰ বাবে বহু অগ্ৰণী কাম কৰিছে। তেওঁৰ অনাগত কাৰ্যকালৰ বাবে মোৰ শুভকামনা জনালোঁ।” উল্লেখযোগ্য যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ১২৬ খন আসনৰ ভিতৰত ১০২ খন আসনত জয়লাভ কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৰাজ্যখনত আধিপত্য বিস্তাৰ কৰিছে।

মুখ্যমন্ত্ৰীৰ লগতে নতুন চৰকাৰখনত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগকো অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে। এই ঐতিহাসিক সমাৰোহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনৰ লগতে এন ডি এ শাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *