টিম ইণ্ডিয়াৰ ২০২৬-২৭ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ঘৰুৱা ছিজনৰ সূচী প্ৰকাশ কৰিছে বিচিচিআইয়ে। এই ছিজনত ১৭খন চহৰত ২২খন মেচ (৯খন এদিনীয়া, ৫খন টেষ্ট, আৰু ৮খন টি-২০) অনুষ্ঠিত হ’ব। এই সময়ছোৱাত মুঠ চাৰিটা দলে ভাৰত ভ্ৰমণ কৰিব। ইয়াৰ ভিতৰত আছে ৱেষ্ট ইণ্ডিজ, শ্ৰীলংকা, জিম্বাবুৱে আৰু অষ্ট্ৰেলিয়া। ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব ঘৰুৱা ছিজন। ২০২৬ ৰ ২৭ ছেপ্টেম্বৰৰ পৰা ৱেষ্ট ইণ্ডিজ ভাৰত ভ্ৰমণৰ জৰিয়তে ছিজন আৰম্ভ হ’ব। এই ভ্ৰমণত তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচ অনুষ্ঠিত হ’ব। তিৰুৱনন্তপুৰম, গুৱাহাটী আৰু নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া খেলৰ বিপৰীতে লক্ষ্ণৌ, ৰাঁচী, ইন্দোৰ, হায়দৰাবাদ আৰু বেংগালুৰুত অনুষ্ঠিত হ’ব টি-২০ শৃংখলা। ইয়াৰ পিছত ডিচেম্বৰ মাহত শ্ৰীলংকাৰ দলটোৱে ভাৰত ভ্ৰমণ কৰিব, য’ত দুয়োটা দলৰ মাজত ছিৰিজৰ তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ অনুষ্ঠিত হ’ব। নতুন বছৰৰ আৰম্ভণিতে জিম্বাবুৱেই ভাৰত ভ্ৰমণ কৰিব। ২০২৭ ৰ জানুৱাৰী মাহত তিনিখন এদিনীয়া মেচ খেলিব। এই খেলসমূহ কলকাতা, হায়দৰাবাদ, আৰু মুম্বাইত অনুষ্ঠিত হ’ব। এই ছিজনতে অনুষ্ঠিত হ’ব বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। ২০২৭ চনৰ ২১ জানুৱাৰীত নাগপুৰত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্টৰ পৰা আৰম্ভ কৰি পাঁচখন টেষ্টৰ শৃংখলাৰ বাবে অষ্ট্ৰেলিয়াই ভাৰত ভ্ৰমণ কৰিব।পৰৱৰ্তী চাৰিখন টেষ্ট চেন্নাই, গুৱাহাটী, ৰাঁচী আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব। Share this:FacebookX Related Post navigation উদ্বোধনী অনুষ্ঠান অবিহনে কাইলৈ পৰা আৰম্ভ আই পি এল