গুৱাহাটী মহানগৰীৰ গড়চুক – আজাৰা ৰাণীগেট সংযোগী পথচোৱাৰ  বিধ্বস্ত ৰূপৰ বাবে যিকোনো মূহুৰ্ততে ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈছে। উল্লেখযোগ্য যে সম্প্ৰতি মহানগৰীৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যোৱা বিকল্প পথ হিচাপে  পৰিগণিত হোৱা পথচোৱাই সম্প্ৰতি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে।  ইয়াৰ মাজতে ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকৰ পৰা মাত্ৰ ২০০ মিটাৰ নিলগত পামহী কেনেলৰ ওপৰত অসম চৰকাৰৰ লোকনিৰ্মাণ পথ বিভাগে প্ৰায় দুই দশক পূৰ্বে শৰাইঘাটৰ পুৰণি দলঙৰ আৰ্হিত নিৰ্মাণ কৰা দলংখন  মেৰামতিৰ নামত প্ৰায় দুমাহ ধৰি বন্ধ কৰি ৰখা হৈছে। ফলত দীপৰ বিল হৈ আজাৰা ৰাণীগেটৰ ফালে অহা – যোৱা কৰা যান-বাহন সমূহ প্ৰায় চাৰি কিলোমিটাৰ ঘুৰি  আহোমগাওঁ, গাৰোঘুলি বেতকুছি হৈ ৰাষ্ট্ৰীয় ঘাইপথৰে অহা যোৱা কৰিব লগা হৈছে । ইফালে গড়চুক – আজাৰা ৰাণীগেট সংযোগী প্ৰায় ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱাৰ দুয়োফালে পানী পৰিবাহী নলা নিৰ্মাণ নকৰাৰ ফলত আবদ্ধ পানীসমুহ কোনোফালে বৈ যাব নোৱাৰাত যান-বাহনৰ চকাৰ ঘৰ্ষণত পথৰ মাজত বহু ঠাইত পুখুৰী সদৃশ অসংখ্য গাতৰ সৃষ্টি হৈছে।  তাৰ মাজতে প্ৰায় ডেৰ মাহ ধৰি মাজে সময়ে হৈ থকা বৰষুণৰ ফলত পানীসমূহ কোনোফালে বৈ যাব নোৱাৰাত  পথৰ মাজত থকা পুখুৰী সদৃশ গাতত আশ্ৰয় লৈছে।

বিগত কেইটামান দিনত সেই গাতত ই ৰিক্সাকে ধৰি ভালে কেইখন তিনিচকীয়া বাহন, মটৰ চাইকেলসহ দুচকীয়াবাহন দুৰ্ঘটনাত পতিত হৈ কেবাজনো চালক – আৰোহী কম বেছি পৰিমাণে আহত হবলগীয়া হৈছে। আনকি দুদিন পূৰ্বে ঐতিহাসিক শ্ৰী শ্ৰীভাঙাৰা গোহাঁই মন্দিৰৰ সমীপৰ এটা তেল ডিপোৰ সন্মুখত সাৱধানতাৰে স্কুটি চলাই আহি থকা অৱস্থাত পথচোৱাৰ পুখুৰী সদৃশ প্ৰকাণ্ড গাতত পৰি আহত  হব লগা হৈছিল অঞ্চলটোৰ পৰিবেশ কৰ্মী তথা দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা। একেদৰে  দেউছটাল ৰঙালী বিহু সন্মিলনীৰ সভাপতি বিনন ৰংপী, কাৰ্যকৰী সভাপতি অশোক থাপা, সাধাৰণ সম্পাদক বলেশ্বৰ ৰংপী এখন  চাৰিচকীয়া বাহনত বিহুৰ কামত আজাৰাৰ ফালে গৈ থকা অৱস্থাত সেই গাতত তেওঁলোকৰ বাহনৰ তলীখন লাগি ধৰে। ফলত আটাইকেইজনে বাহনৰ পৰা নামি গৈ আন মানুহৰ সহযোগত বাহনখন ঠেলি উলিয়াই আনিব লগা হয়। ২৪ এপ্ৰিলত একেই দশা হয় চকৰ্দো মিকিৰপাৰাৰ যুৱ সমাজকৰ্মী প্ৰমোদ ৰংপীৰ বাহনতো । এয়া বিগত কেইটামান দিনত পথচোৱাত সংঘটিত হৈ থকা মাত্ৰ কেইটামান উদাহৰণহে। 

এই সন্দৰ্ভত বৃহত্তৰ  পামহী – মইনাখোৰাং  অঞ্চলৰ অগ্ৰণী সামাজিক , সাংস্কৃতিক আৰু ক্ৰীডা অনুষ্ঠান ইয়ং গ্ৰীণ ক্লাবৰ উপদেষ্টা উৎপল কুমাৰ দাস , সভাপতি বিষ্ণু প্ৰসাদ বড়ো আৰু সাধাৰণ সম্পাদক ধীৰাজ টুমুং; ভীমাশংকৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সনেশ টেৰণ, সম্পাদক হেনৰী ডেভিড টেৰণ, সহকাৰী সম্পাদক সুশীল টেৰণ , দেউছটাল নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপী, উপ সভাপতি অশোক থাপাকে ধৰি অঞ্চলটোৰ বিভিন্ন দল – সংগঠনৰ কৰ্মকৰ্তা সকলে সদৰি কৰা পথচোৱাত থকা পুখুৰী সদৃশ গাত সমূহ যদি শীঘ্ৰেই মেৰামতি কৰা নহয় তেন্তে যিকোনো মূহুৰ্ততে চালকৰ সামান্য অসাৱধানতাৰ বাবে  ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাটো নিশ্চিত। এই ক্ষেত্ৰত লোক নিৰ্মাণ পথ বিভাগে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি অঞ্চলটোৰ সচেতন লোকসকলে দাবী জনাইছে। উল্লেখ্য যে ২০২২ -২৩ চনত পথচোৱা জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ তৎপৰতাত  প্ৰায় ১০ কোটি টকা ব্যয়ৰে লোক নিৰ্মাণ পথ বিভাগৰ  পশ্চিম  গুৱাহাটী সংমণ্ডলৰ ফালৰ পৰা গড়চুক – আজাৰা ৰাণীগেট সংযোগী পথটো পুনৰ নিৰ্মাণ কৰা হৈছিল। কিন্তু সেই সময়ত পথচোৱাৰ দুয়োফালে পানী পৰিবাহী নলা নিৰ্মাণ নকৰাৰ ফলত সাধাৰণ এজাক বৰষুণৰ ফলত পথৰ ওপৰত পানী আবদ্ধ হৈ থাকে। যাৰ বাবে এইবেলি অঞ্চলটোৰ ৰাইজে পথৰ দাঁতিত দুয়োফালে পানী পৰিবাহী নলা নিৰ্মাণ কৰিহে পথটো পুনৰনিৰ্মাণ কৰাৰ বাবে লোক নিৰ্মাণ পথ বিভাগক দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *