নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ বিপৰীত দিশৰ পৰা অহা ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হ’ল এখন যাত্ৰীবাহী বাহন। কামৰূপ (মহানগৰ) জিলাৰ খেত্ৰী থানাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নলগ্ৰেদা অঞ্চলত দেওবাৰে নিশা সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি পাইছে। গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ পূব মণ্ডলৰ ডিচিপিয়ে দুৰ্ঘটনাত ছয়জন লোকৰ মৃত্যু হোৱাৰ কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰে। আৰক্ষীৰ তথ্য অনুসৰি, নগাঁৱৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা যাত্ৰীবাহী বাহনখনে চালকৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজৰ ডিভাইডাৰ পাৰ হৈ বিপৰীত দিশৰ লেনত সোমাই পৰে আৰু তীব্ৰবেগী ট্ৰাকখনৰ সৈতে প্ৰচণ্ড খুন্দা মাৰে। দুৰ্ঘটনাৰ পিছতে স্থানীয় উদ্ধাৰকাৰী আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত পতিত বাহনসমূহ আঁতৰাই যাতায়াত সুচল কৰে। সংকটজনক অৱস্থাত উদ্ধাৰ কৰা লোকসকলক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই জানিবলৈ দিয়া মতে, চিকিৎসালয়লৈ তিনিটা মৃতদেহ অনাৰ লগতে আন ছয়জন গুৰুতৰভাৱে আহত লোকক ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ ভিতৰত মুজাহিদুল ইছলাম, দীপজ্যোতি নাথ, জাইৰুল ইছলাম, অসীম কোচ, ৰঞ্জন মণ্ডল আৰু আন এজন প্ৰায় ২০ বছৰীয়া অচিনাক্ত যুৱকৰ বিভিন্ন বিভাগৰ আইচিইউত চিকিৎসা অব্যাহত আছে। ইফালে এই মৰ্মান্তিক ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত আৰু পুতৌলগা অৱস্থা তথা পথৰ পুখুৰীসদৃশ গাঁতৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ তুলি ক্ষুব্ধ স্থানীয় ৰাইজে দুৰ্ঘটনাস্থলীতে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সম্পৰ্কে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। Share this:FacebookX Related Post navigation আৰক্ষীৰ গুলীত নিহত ৪ দুৰ্ধৰ্ষ সশস্ত্ৰ অপৰাধী; গোৱালপাৰাৰ ব্যৱসায়ী হত্যাকাণ্ডৰে সম্পৰ্ক থকাৰ সন্দেহ নেপালৰ মহাপ্ৰলয়ৰ মাজতো সুখৰ বতৰা! এগৰাকী প্ৰধান শিক্ষকৰ বাবেই ৰক্ষা পৰিল ১,৬৪৩ গৰাকী শিক্ষাৰ্থীৰ প্ৰাণ