আগন্তক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনলৈ মাজতে প্ৰায় তিনিমাহ মান বাকী থকা অৱস্থাত শাসকীয় এন ডি এৰ উপৰিও কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চয়ো  নিৰ্বাচনক লৈ কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত আন দলতকৈ বহু আগত থকা বিজেপি দলে নিৰ্বাচনৰ বাবে তেওঁলোক সম্পূৰ্ণ সাজু বুলি ঘোষণা কৰি আগন্তুক মাঘ বিহুৰ পূৰ্বে অগপকে ধৰি এন ডি এৰ অংশীদাৰী দল সমুহৰ মাজত আসনৰ ভাগ বাটোৱাৰা চূড়ান্ত কৰা হব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা পৰ্যন্ত  কৰাৰ পিছত স্বাভাবিকতে মিত্ৰতাক লৈ কোনে কত টিকট পাব বা কোনটো সমষ্টি কোনটো দলক এৰি দিয়া হব তাক লৈ উৎকণ্ঠিত হৈ পৰিছে প্ৰাৰ্থীত্ব প্ৰত্যাশীসকল । ইফালে নৱগঠিত মধ্য গুৱাহাটী বিধানসভা সমষ্টিটোত আন দলতকৈ  অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথ্য পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অধিক সক্ৰিয়তাৰে ৰাজনৈতিক তৎপৰতা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। বিশেষকৈ পূৰ্বৰ পশ্চিম গুৱাহাটীৰ নগৰাঞ্চলৰ ১৬ টা ৱাৰ্ডৰ ১১ টাই মধ্য গুৱাহাটীত অন্তৰ্ভুক্ত হোৱাত বিধায়ক কলিতাৰ বাবে এটা ইতিবাচক দিশ বুলি বিবেচিত হৈছে। ইফালে বিগত কেইটামান মাহত মধ্য গুৱাহাটীত বিধায়ক কলিতাৰ বিশেষ উদ্যোগত কেবাটাও যোগদান কাৰ্যসূচী সম্পন্ন হৈছে। য’ত অগপ দলৰ আঞ্চলিকতাবাদত বিশ্বাস ৰাখি কংগ্ৰেছ , বিজেপিৰ উপৰিও বিভিন্ন দল সংগঠন, জাতি জনগোষ্ঠীৰ যুৱক – যুৱতী, পুৰুষ – মহিলা নিৰ্বিশেষে কেবা শতাধিক লোকে অগপ দলত যোগদান কৰি দলটোৰ সাংগঠনিক দিশত নতুন মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে।

ইফালে ২৮ ডিচেম্বৰৰ  দিনা সন্ধিয়াৰ প্ৰাকক্ষণত শীতক নেওচিও বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত মধ্য গুৱাহাটীত পাঁচ শতাধিক লোকে অগপ দলত যোগদান কৰে। এই উপলক্ষে মধ্য গুৱাহাটী বিধান পৰিষদৰ ১১ নং ৱাৰ্ড কমিটি আৰু ১১ নং ৱাৰ্ড মহিলা পৰিষদৰ উদ্যোগত মালিগাঁৱৰ কাষৰীয়া পাহাৰীয়া অঞ্চল কালাপানী গাৰো জনজাতি সংঘৰ খেলপথাৰত এক বিশাল সভা অনুষ্ঠিত হয়। সভাত কংগ্ৰেছ দলৰ পি এম কছাৰী, সুকাম মাৰাক, হিমাংশু ৰাজবংশী, নগেন বড়ো, নগেন চাংমা, অঞ্জো যোশী, অৰ্জুন থাপা, ৰশ্মি নাথ, ৰাজু লামা, ৰাজেন বড়োৰ নেতৃত্বত কেবাগৰাকী নেতা – কৰ্মী ,  পুৰুষ – মহিলাসহ আৰু নেপালী , গাৰো, বড়ো, অসমীয়া মুছলমানকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ পাঁচ শতাধিক লোকে  আঞ্চলিকতাবাদত আস্থা আৰু বিশ্বাস ৰাখি অগপ দলত যোগদান কৰে। দলত যোগদান কৰা সকলোকে দলীয় প্ৰতীক পৰিধান কৰোৱাই আদৰণি জনাই বিধায়ক  ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে ১১ নং ৱাৰ্ড কমিটিৰ  সভাপতি বাণীকান্ত গয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য  বাখ্যা কৰে সম্পাদক ধনজিৎ ৰাজবংশীযে।  সভাত ভাষণ প্ৰসংগত বিধায়ক কলিতাই দলত যোগদান কৰা সকলক সাংগঠনিক দিশ শক্তিশালীকৰণত মনোনিবেশ কৰিবলৈ আহ্বান জনায় কয় যে আগন্তুক নিৰ্বাচনত এন ডি এ মিত্ৰজোটে কমেও এশখন আসন লাভ কৰিব। আগন্তুক  নিৰ্বাচনটো কেৱল হব এটা আনুষ্ঠানিকতাহে মাথোন আৰু সময়ৰ অপেক্ষা মাত্ৰ।

খিলঞ্জীয়া জনগোষ্ঠীৰ লোকৰ হৃদয়ৰ পৰা আঁতৰি যোৱা কংগ্ৰেছ দলটো নিৰ্বাচনৰ পাছত এক ইতিহাসত পৰিণত হব। সভাত  মধ্য গুৱাহাটী বিধান পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি হেমেন ডেকা,সম্পাদক ক্ৰমে ভূপেন ঠাকুৰীয়া, মইনুল হক চৌধুৰী,১৩ নং আৰু ১২ নং ৱাৰ্ডৰ পৰিষদ ক্ৰমে পূৰবী তালুকদাৰ,দীপাংকৰ বৈশ্য, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুশান্ত দেৱ চৌধুৰী, মধ্য গুৱাহাটী মহিলা পৰিষদৰ সম্পাদিকা গীতা নেওগকে ধৰি অগপ দলৰ বিভিন্ন পৰ্যায়ৰ কেবাজনো  কৰ্মকৰ্তা উপস্থিত থাকি চমুকৈ ভাষণ প্ৰদান কৰে আৰু এই যোগদানে মধ্য গুৱাহাটীত অগপ দলৰ সাংগঠনিক দিশ আগতকৈ অধিক শক্তিশালী কৰিব বুলি ব্যক্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *