মৃত্যুৰ কৰুণ আৰ্তনাদ আৰু ধ্বংসাৱশেষৰ গভীৰ অন্ধকাৰ ফালি পোহৰলৈ আহিল এটি নিষ্পাপ প্ৰাণৰ আশাৰ ৰেঙনি। প্ৰলয়ংকাৰী বানৰ তাণ্ডৱত প্ৰায় সকলো নিশ্চিহ্ন হৈ যোৱাৰ তিনি দিন পাছত ডাঠ বোকামাটিৰ তলৰ পৰা এগৰাকী ছবছৰীয়া শিশুক জীৱন্তে উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে। ৰাছুৱা জিলাৰ বানবিধ্বস্ত তিমুৰে গাঁৱত সংঘটিত হয় এই আশ্চৰ্যকৰ উদ্ধাৰ অভিযান। ভোট কোশী নদীৰ প্ৰচণ্ড বাঢ়নী পানীত প্লাৱিত হোৱা অঞ্চলটোত উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে সেনা আৰক্ষী বাহিনীৰ জোৱানসকলে মাটিৰ তলৰ পৰা এটি ক্ষীণ কান্দোনৰ শব্দ শুনা পায়। কোনো পলম নকৰি জোৱানসকলে তৎপৰতাৰে মাটি খান্দি কণমানিজনীক সুকলমে উদ্ধাৰ কৰে। ইয়াৰ পিছতে শিশুটিক প্ৰাথমিকভাৱে সীমান্ত চকীৰ শিবিৰত চিকিৎসা প্ৰদান কৰা হয় যদিও স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে কাঠমাণ্ডুলৈ এয়াৰলিফ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰকাৰী দলে কণমানিজনীক সুস্থিৰ কৰি ৰাখি শনিবাৰে বিয়লি হেলিকপ্টাৰযোগে কাঠমাণ্ডুৰ এখন বিশেষ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান চিকিৎসালয়খনত শিশুটিৰ উন্নত চিকিৎসা চলি আছে। আনহাতে, সমাজিক মাধ্যমত এই উদ্ধাৰ কাৰ্যৰ দৃশ্য বিয়পি পৰাৰ লগে লগে শিশুটিৰ পৰিয়ালৰ সন্ধান উলিওৱাৰ বাবে প্ৰশাসনে তৎপৰতা অব্যাহত ৰাখিছে। দেশখনত অব্যাহত থকা এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত এতিয়ালৈকে ৬৭৫ টা মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে ২,৪০০ ৰো অধিক লোক নিৰুদ্দেশ হৈ আছে। বিধ্বংসী বানৰ ক্ষতিপূৰণ আৰু পুনৰ্নিৰ্মাণৰ বাবে কোটি কোটি ডলাৰৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি কাঠমাণ্ডুত আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ বাবে আহ্বান জনাইছে দেশখনৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে। Share this:FacebookX Related Post navigation বৈশ্বিক সংকটৰ মাজতো ভাৰতৰ অৰ্থনৈতিক উত্থানঃ বিৰোধীক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ বানপীড়িত পৰিয়াল আৰু নৱপ্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ কল্যাণমুখী আঁচনি; বিত্তীয় সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ