বিহাৰৰ সংসদীয় ৰাজনীতিত এক দীঘলীয়া অধ্যায়ৰ সামৰণি মাৰি সোমবাৰে ৰাজ্যিক বিধান পৰিষদৰ পৰা পদত্যাগ কৰিলে মুখ্যমন্ত্রী নীতিশ কুমাৰে। চলিত মাহৰ ১৬ মাৰ্চত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত সাংবিধানিক বাধ্যবাধকতাৰ বাবে জে ডি ইউৰ মুৰব্বীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। নিয়ম অনুসৰি ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ ১৪ দিনৰ ভিতৰত বিধান পৰিষদৰ সদস্যপদ ত্যাগ নকৰিলে নতুন পদটো স্বয়ংক্ৰিয়ভাৱে বাতিল হয়। সেইমৰ্মে ১০ এপ্ৰিলত আনুষ্ঠানিকভাৱে ৰাজ্যসভাৰ সদস্য হিচাপে শপত ল’ব বিহাৰৰ আটাইতকৈ দীৰ্ঘকালৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। নীতিশ কুমাৰৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি বিধান পৰিষদৰ অধ্যক্ষ আৱধেশ নাৰায়ণ সিঙে কয়, “আজি পুৱা মুখ্যমন্ত্ৰীয়ে মোৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে আৰু বৰ্তমান ইয়াৰ আনুষ্ঠানিক প্ৰক্ৰিয়া চলি আছে।” তেওঁ লগতে কয়, “নীতিশ কুমাৰৰ বিদায়ত সমগ্ৰ বিহাৰবাসী আজি দুখী। তেওঁৰ বলিষ্ঠ নেতৃত্বতে বিহাৰক আজি দেশৰ উন্নত ৰাজ্যসমূহৰ ভিতৰত গণ্য কৰা হৈছে।” উল্লেখ্য যে ২০০৬ চনৰ পৰা একেৰাহে চাৰিটা কাৰ্যকাল ধৰি নীতিশ কুমাৰ বিধান পৰিষদৰ সদস্য হৈ আছিল। ৰাজনৈতিক জীৱনৰ এক অনন্য শিখৰত আৰোহণ কৰি এতিয়া দেশৰ চাৰিওখন সদনৰ সদস্য হোৱাৰ বিৰল কৃতিত্ব অৰ্জন কৰিব নীতিশ কুমাৰে। ১৯৮৫ চনত বিধায়ক হিচাপে আৰম্ভ হোৱা তেওঁৰ যাত্ৰাত এতিয়া বিধানসভা, লোকসভা আৰু বিধান পৰিষদৰ পিছত ৰাজ্যসভাৰ সদস্যপদো সংলগ্ন হ’ব। ২০০৫ চনত প্ৰথমবাৰ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত তেওঁ বিধান পৰিষদৰ সদস্যপদকহে অগ্ৰাধিকাৰ দিছিল যদিও এতিয়া দিল্লীৰ ৰাজনীতিত তেওঁৰ ভূমিকা কেনে হ’ব, তাক লৈ চৰ্চা আৰম্ভ হৈছে। ইফালে, বিধান পৰিষদৰ পৰা পদত্যাগ কৰাৰ পিছত নীতিশ কুমাৰে কাৰিকৰীভাৱে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব লাগিব যদিও সাংবিধানিক নিয়ম অনুসৰি তেওঁ কোনো সদনৰ সদস্য নোহোৱাকৈও ছমাহলৈ এই পদত অধিষ্ঠিত থাকিব পাৰিব। এই ছমাহৰ ভিতৰত তেওঁ হয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক হ’ব লাগিব, নহ’লে ৰাজনৈতিক কেৰিয়াৰৰ আন এক নতুন পথৰ সন্ধান কৰিব লাগিব। ১০ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া এই নতুন অধ্যায়টোৱে বিহাৰৰ ৰাজনীতিত কি মোৰ দিয়ে, সেয়া হ’ব লক্ষণীয়। Share this:FacebookX Related Post navigation আমেৰিকান ডলাৰৰ বিপৰীতে ইতিহাসৰ সৰ্বনিম্ন স্তৰত ভাৰতীয় টকা; ৯৫ৰ সীমা অতিক্ৰম টকাৰ মূল্যৰ নেপালৰ স্বাস্থ্যমন্ত্ৰী হিচাপে এইমছৰ প্ৰাক্তন ছাত্ৰী নিশা মেহতা; নাৰ্ছিং জগতৰ বাবে গৌৰৱৰ ক্ষণ