মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ প্ৰভাৱ ভাৰতৰ শ্বেয়াৰ বজাৰতো দেখিবলৈ পোৱা গৈছে। ডলাৰৰ বিপৰীতে টকা আৰু অধিক দুৰ্বল হৈ পৰিছে। সোমবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত তীব্ৰ অৱনতি ঘটে। ব্যৱসায়িক অধিবেশনত বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্স সূচকাংক প্ৰায় ১৮০০ পইণ্ট হ্ৰাস পোৱাৰ বিপৰীতে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটিও ৫৯০ পইণ্ট হ্ৰাস পায়। ব্যৱসায়িক অধিবেশনত চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ২৮টা ষ্টক হ্ৰাস পোৱাৰ বিপৰীতে ৫০টা নিফ্টিৰ ষ্টকৰ মাত্ৰ তিনিটাহে সেউজীয়া অৱস্থাত আছে। ভাৰতীয় টকাও দীৰ্ঘদিন ধৰি হেঁচাত পৰিছে, মাৰ্কিন ডলাৰৰ বিপৰীতে সৰ্বনিম্ন স্তৰত উপনীত হৈছে। এক ডলাৰৰ মূল্য হৈছেগৈ ৯৩.৮৪ টকা। সোমবাৰে এছিয়াৰ ডাঙৰ ডাঙৰ শ্বেয়াৰ বজাৰসমূহতো তীব্ৰ খহনীয়া দেখা যায়। জাপানৰ নিকেই ২২৫ সূচকাংকৰ আৰম্ভণিৰ ব্যৱসায়ত ৪.৮% হ্ৰাস পোৱাৰ বিপৰীতে দক্ষিণ কোৰিয়াৰ কস্পি সূচকাংক ৫.৫%তকৈ অধিক হ্ৰাস পাইছে। Share this:FacebookX Related Post navigation চাউলৰ ৰপ্তানি বজাৰত পশ্চিম এছিয়াৰ সংকটৰ প্ৰভাৱ! মধ্যপ্ৰদেশৰ বাচমতী ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ লস্কৰৰ মুখ্য কাৰ্যালয়ত নিৰাপত্তা বেষ্টনী ভেদ; আততায়ীৰ গুলীত নিহত শীৰ্ষ সন্ত্ৰাসবাদী বিলাল আৰিফ ছালাফী