সপোন পূৰণৰ সুযোগ সকলোৰে বাবে সমান নহয়। এনে বাস্তৱতাৰ মাজতে আৰ্থিক বাধা যাতে মেধাৰ পথত হেঙাৰ হৈ নাথাকে, তাৰ বাবে ১৮০ গৰাকী শিক্ষাৰ্থীক বৃত্তি প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিলে জনপ্ৰিয় অভিনেতা বিজয় দেৱৰকোণ্ডা আৰু অভিনেত্ৰী ৰশ্মিকা মন্দানাই।

তেলেংগানাৰ আচমপেট মণ্ডলৰ থুম্মানপেটা গাঁৱত উপস্থিত হৈ এই পদক্ষেপৰ শুভাৰম্ভ কৰে দুয়োগৰাকী তাৰকাই। বিজয় দেৱৰকোণ্ডাই জনায় যে, শিক্ষাৰ্থীসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাটো বহুদিনীয়া এক সপোন আছিল তেওঁৰ। অভিনয় জীৱনত লাভ কৰা মৰম আৰু সমৰ্থনৰ বিনিময়ত সমাজলৈ কিবা এটা উভতাই দিয়াৰ ইচ্ছাৰ পৰাই এই পদক্ষেপৰ সূচনা হৈছে।

দেৱৰকোণ্ডাই নিজৰ সামাজিক মাধ্যমযোগে বৃত্তিৰ বাবে নিৰ্বাচিত ১৮০ গৰাকী শিক্ষাৰ্থীৰ তালিকাও প্ৰকাশ কৰে। তেওঁ কয় যে, নৱম আৰু দশম শ্ৰেণীত অধ্যয়ন কৰি অধ্যৱসায় আৰু পৰিশ্ৰমেৰে সফলতা লাভ কৰা শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেই এই বৃত্তি প্ৰদান কৰা হৈছে।

এক অনুষ্ঠানত শিক্ষাৰ্থী আৰু অভিভাৱকসকলক সম্বোধন কৰি বিজয়ে কয় যে, এই বৃত্তি আৰ্থিকভাৱে হয়তো সৰু সহায়, কিন্তু তেওঁলোকৰ বাবে ইয়াৰ গুৰুত্ব যথেষ্ট। ভৱিষ্যতে এই পদক্ষেপ অধিক বিস্তৃত ৰূপত আগবঢ়াই নিয়াৰো পৰিকল্পনা আছে বুলি উল্লেখ কৰে অভিনেতাজনে। শৃংখলা, অধ্যৱসায় আৰু শিক্ষাৰ প্ৰতি দায়বদ্ধতাক স্বীকৃতি দিয়াটোৱেই এই উদ্যোগৰ মূল লক্ষ্য বুলিও তেওঁ কয়।

ইফালে, শিক্ষাৰ্থীসকলক অভিনন্দন জনাই ৰশ্মিকা মন্দানাই কয় যে, এই পদক্ষেপৰ অংশ হ’বলৈ পাই তেওঁ অত্যন্ত আনন্দিত। দেৱৰকোণ্ডা ফাউণ্ডেচনৰ জৰিয়তে আৰম্ভ হোৱা এই উদ্যোগে বহু শিক্ষাৰ্থীক আগলৈ যোৱাৰ অনুপ্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰে তেওঁ।

উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত শিক্ষাৰ্থীসকলৰ বাবে বিশেষ বৃত্তি আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল বিজয় দেৱৰকোণ্ডা আৰু ৰশ্মিকা মন্দানাই। সেই ঘোষণাক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে এইবাৰ ১৮০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ শিক্ষাজীৱন আগুৱাই নিয়াৰ বাবে সহায়ৰ হাত আগবঢ়ায় দুয়োগৰাকী তাৰকাই।

Leave a Reply

Your email address will not be published. Required fields are marked *