মিজোৰাম-ম্যানমাৰ সীমান্তৰে অব্যাহত থকা ড্ৰাগছৰ অবাধ সৰবৰাহৰ মাজতে এক অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় অসম ৰাইফলছ। আবকাৰী আৰু মাদক দ্ৰব্য নিবাৰণ বিভাগৰ সৈতে চলোৱা এক যুটীয়া অভিযানত দেওবাৰে আইজলৰ জুৱাংটুই অঞ্চলৰ পৰা জব্দ কৰে প্ৰায় ৬.৫ লাখ টকাৰ হেৰ’ইন। গোপন সূত্ৰৰ পম খেদি চলোৱা এই তালাচী অভিযানত সুৰক্ষা বাহিনীৰ দলটোৱে ৮২ গ্ৰাম ব্ৰাউন পাউদাৰ উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা এই নিষিদ্ধ সামগ্ৰীখিনি হেৰ’ইন নম্বৰ ৪ বুলি সন্দেহ কৰা হৈছে। ইফালে এই সৰবৰাহৰ সৈতে জড়িত লালুংমুয়ানা নামৰ এজন ব্যক্তিক থিতাতে কৰায়ত্ত কৰে সুৰক্ষা বাহিনীয়ে। ইফালে, জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ সৈতে অভিযুক্ত লালুংমুয়ানাক পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে আবকাৰী আৰু মাদক দ্ৰব্য নিবাৰণ বিভাগৰ হাতত অৰ্পণ কৰা হয়। বৰ্তমান বিভাগীয় কৰ্তৃপক্ষই ধৃত ব্যক্তিজনক অধিক সোধা-পোছাৰ বাবে জিম্মাত লৈছে। সীমান্তৱৰ্তী অঞ্চলটোত ড্ৰাগছ সৰবৰাহ ৰোধ কৰাৰ লক্ষ্যৰে এনে ধৰণৰ সমন্বিত অভিযান আগন্তুক সময়তো অব্যাহত থাকিব বুলি সংশ্লিষ্ট মহলে সদৰী কৰে। এনে তৎপৰতাই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে। Share this:FacebookX Related Post navigation আধৰুৱা ৰৈ ৰ’ল উচ্চ শিক্ষাৰ স্বপ্ন! কানাডাত দুই ছাত্ৰ গোটৰ সংঘৰ্ষত মৃত্যু ভাৰতীয় যুৱকৰ বৈদ্যুতিক বাহনৰ পৰা ভয়ংকৰ অগ্নিকাণ্ড; ইন্দোৰত ৮ গৰাকী লোকৰ কৰুণ মৃত্যু