মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবি।’ জুবিন গাৰ্গৰ এই কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ’ল জুবিনৰ চিতাভস্ম। ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে জুবিনৰ চিতাভষ্ম ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হয় ।  ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দি চকুলো টুকিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। গুৱাহাটী মহানগৰীৰ লাচিত ঘাটত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বক্ষত চিতাভস্ম বিসৰ্জন দিয়ে । ভগ্নী পমী বৰঠাকুৰৰ লগতে জুবলী বৰুৱা , পাৰ্থসাৰথি মহন্ত , জুবিনৰ বাদ্যযন্ত্ৰীৰ লগতে আত্মীয় সকল উপস্হিত থাকে।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *