কয়াকুছিস্থিত ব্যক্তিগত খণ্ডৰ অগ্ৰণী ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিং শিক্ষানুষ্ঠান এছিয়ান মিছন ইনষ্টিটিউটৰ কালি দিন ব্যাপি বিস্তৃৰ্ণ কাৰ্যক্ৰমণিকাৰে বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। এছিয়ান মিছন ইনষ্টিটিউটৰ পৰিচালনা সঞ্চালক ডাঃ আব্দুল কদ্দুছ শিকদাৰৰ তত্বাৱধানত আয়োজিত বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী অনুষ্ঠানত পুৰস্কাৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক বঁটা বিতৰণ কৰা হয়। উক্ত বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ক্ৰমে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ, বৰপেটা জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া ডাঃ হাসমত আলী,পাঠশালা ছাব ডিভিজন চিভিল হস্পিটালৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ নুৰ ইছলাম, এছিয়ান মিছন ইনষ্টিটিউট অব ফাৰ্মাছিটিকেল চাইন্সৰ অধ্যাপক ড° সুমিত দাস, অধ্যক্ষা কুসুম মনজাৰী বৰগোহাঁই, পাকাবেতবাৰী উন্নয়ন খণ্ডৰ কৰ সংগ্ৰাহক ৰুণিয়া খাতুন , এছিয়ান মিছন ইনষ্টিটিউটৰ প্ৰশাসনিক বিষয়া ছানিদুল ইছলাম শিকদাৰ সহ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি শিক্ষামুলক ভাষন প্ৰদান কৰে। ইয়াৰ পিছত এছিয়ান মিছন ইনষ্টিটিউটৰ ছাত্ৰ – ছাত্ৰী সকলৰ দ্বাৰা বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। Share this:FacebookX Related Post navigation চিবিএছইৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক অডিঅ’ বুকবোৰে শিশুৰ মাজত কাহিনী কোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে: লেখক ৰাস্কিন বণ্ড