জয়পুৰ সাহিত্য মহোৎসৱ(জেএলএফ)-এ ২০২৭ চনৰ জানুৱাৰী মাহত ২০ সংখ্যক সংস্কৰণ উদযাপন কৰিব। এই উদযাপনৰ জৰিয়তে দুটা দশক জুৰি চলি অহা সাহিত্যিক আদান-প্ৰদান, বহুভাষিক কাহিনী কথন আৰু গ্ৰন্থ, ধাৰণা তথা সমসাময়িক বিষয়সমূহৰ ওপৰত হোৱা ৰাজহুৱা বাৰ্তালাপক উদযাপন কৰা হ’ব। ৰাজস্থান চৰকাৰৰ সহযোগত এই মহোৎসৱ ২০২৭ চনৰ ১৪ ৰ পৰা ১৮ জানুৱাৰীলৈ জয়পুৰত অনুষ্ঠিত হ’ব। এইবাৰৰ মূল বিষয়বস্তু হৈছে ‘২০ বছৰৰ ধাৰণা, কাহিনী আৰু বাৰ্তালাপ’।
২০০৮ চনত আৰম্ভ জয়পুৰ সাহিত্য মহোৎসৱে ৮,০০০তকৈও অধিক লেখক, বক্তা আৰু শিল্পীক আতিথ্য প্ৰদান কৰিছে। ইয়াৰ উপৰিও মহোৎসৱস্থলীত ৫ মিলিয়নতকৈও অধিক দৰ্শকে পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছে আৰু ডিজিটেল, সম্প্ৰচাৰ তথা সংবাদ মাধ্যমৰ জৰিয়তে বিশ্বৰ ১০০ কোটিতকৈও অধিক দৰ্শকৰ কাষ চাপিবলৈ সক্ষম হৈছে। এই মহোৎসৱ কেৱল জয়পুৰতে সীমাবদ্ধ থকা নাই, ই এতিয়া এক আন্তঃৰাষ্ট্ৰীয় সাহিত্যিক নেটৱৰ্কলৈ সম্প্ৰসাৰিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, কানাডা, স্পেইন, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, মধ্য প্ৰাচ্য আৰু মালদ্বীপকে ধৰি বিভিন্ন দেশত ইয়াৰ ১৫তকৈও অধিক সংস্কৰণ অনুষ্ঠিত হৈছে। লগতে বিশ্বজুৰি ৩০০তকৈও অধিক সাহিত্য সন্মিলনকো অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে।
এই ২০ সংখ্যক সংস্কৰণৰ এটা অন্যতম প্ৰধান লক্ষ্য হ’ব ভাৰতৰ ভাষিক বৈচিত্ৰ্য। মহোৎসৱত বহুভাষিক কাৰ্যসূচী, অনুবাদ আৰু আঞ্চলিক সাহিত্যিক কণ্ঠস্বৰসমূহক বিশেষভাৱে প্ৰাধান্য দিয়া হ’ব। বিংশ বৰ্ষপূৰ্তিৰ ঘোষণা সমগ্ৰ ভাৰতৰে আটাইকেইটা ২২টা চৰকাৰী ভাষাত একেলগে প্ৰকাশ কৰা হৈছে। আঞ্চলিক ভাষা আৰু সাহিত্যিক পৰম্পৰাৰ ওপৰত মহোৎসৱৰ এই গুৰুত্বই উত্তৰ-পূৰ্বাঞ্চলৰ লেখক, প্ৰকাশক আৰু সাংস্কৃতিক কণ্ঠসমূহৰ প্ৰতি আগ্ৰহ আৰু অধিক বৃদ্ধি কৰিব পাৰে, যাৰ ফলত ৰাষ্ট্ৰীয় সাহিত্যিক মঞ্চসমূহত অধিক অংশগ্ৰহণৰ সুযোগ সৃষ্টি হ’ব। মহোৎসৱৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে যে এই মাইলৰ খুঁটিস্বৰূপ সংস্কৰণে জয়পুৰ সাহিত্য মহোৎসৱৰ পুৰণি ঐতিহ্যক ধৰি ৰখাৰ লগতে ভাৰত আৰু বিদেশত ইয়াৰ সাংস্কৃতিক প্ৰসাৰ অধিক বৃদ্ধি কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *