দেশৰ বিভিন্ন প্ৰান্তত কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ সম্ভাৱ্য ষড়যন্ত্ৰৰ সূত্ৰ বিচাৰি উলিয়াই বিশেষ অভিযান চলালে ত্ৰিপুৰা আৰক্ষীয়ে। সেই অভিযানতে আগৰতলা বিমানবন্দৰৰ সমীপৰ পৰা নিষিদ্ধ উগ্ৰপন্থী সংগঠন জেএমবি (জামাত-উল-মুজাহিদীন বাংলাদেশ)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আঠজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ২৬ আৰু ২৭ জুনত চলোৱা অভিযানত ধৃত আটাইকেইজনকে আটক কৰা হয়। প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, বাংলাদেশৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠন জেএমবিৰ সৈতে তেওঁলোকৰ সম্পৰ্ক থকাৰ সূত্ৰ লাভ কৰিছে তদন্তকাৰীসকলে। তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, ধৃত লোককেইজনে প্ৰথমে গুৱাহাটীলৈ অহাৰ পৰিকল্পনা কৰিছিল। পিছত সেই সিদ্ধান্ত সলনি কৰি আগৰতলা বিমানবন্দৰৰ পৰা কলকাতালৈ যোৱাৰ প্ৰস্তুতি চলাইছিল। আৰক্ষীৰ দাবী অনুসৰি, কলকাতাত উপস্থিত হোৱাৰ পিছত দেশৰ বিভিন্ন প্ৰান্তলৈ গৈ কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা আছিল এই চক্ৰটোৰ। সেই দিশটো কেন্দ্ৰ কৰি বৰ্তমান বিস্তৃত তদন্ত চলাই আছে তদন্তকাৰীসকলে। ইফালে, ধৃত আটাইকেইজনকে আৰক্ষীৰ জিম্মাত ৰাখি অধিক সোধা-পোছা অব্যাহত আছে। এই চক্ৰটোৰ সৈতে জড়িত আন ব্যক্তি বা নেটৱৰ্কৰ সন্ধানতো তদন্ত চলাই আছে আৰক্ষীয়ে। Share this:FacebookX Related Post navigation দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ ; বাসগৃহৰ লগতে বস্তিৰ সা-সামগ্ৰী লণ্ড-ভণ্ড বিমানবন্দৰত হেৰুৱাইছিল বৃহৎ পৰিমাণৰ বৈদেশিক মুদ্ৰাভৰ্তি বেগ! অৱশেষত যাত্ৰীয়ে পালে ঘূৰাই