সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ভাৰতীয় জনতা পাৰ্টীয়ে অসম বিধানসভা নিৰ্বাচনৰ বাবে ৮৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা এই তালিকা প্ৰকাশ পোৱাৰ লগে লগে এতিয়া দলটোৰ ভিতৰচ’ৰাত তীব্ৰ বিদ্ৰোহে গা কৰি উঠিছে। বিশেষকৈ দিছপুৰ সমষ্টিত সদ্য কংগ্ৰেছত্যাগী প্ৰদ্যুৎ বৰদলৈক টিকট দিয়াৰ পাছতে ক্ষোভত ফাটি পৰিছে দলৰ জ্যেষ্ঠ নেতাসকল। টিকটৰ পৰা বঞ্চিত হৈ বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনায়। সংবাদমেল সম্বোধন কৰি তেওঁ কয়, “প্ৰদ্যুৎ বৰদলৈয়ে বশিষ্ঠৰ চাৰিসীমা নাজানে। যোৱা ৩৫ বছৰ ধৰি মই এই দলটোক যৌৱন আৰু জীৱন দিলোঁ, কিন্তু আজি পুৰণা বিজেপিক গেলা-পঁচা কংগ্ৰেছীৰ হাতত ধৰাশায়ী কৰা হ’ল।” তেওঁ লগতে কয়, “হিমন্ত বিশ্ব শৰ্মাই বিজেপি গঢ়া নাই, তেওঁ কেৱল ৰাজনৈতিক ছিণ্ডিকেট চলাইছে। যদি সাহস আছে তেন্তে তেওঁ জালুকবাৰী এৰি দিছপুৰৰ পৰা প্ৰদ্যুৎ বৰদলৈক জিকাই দেখুৱাওক।” উপেক্ষিত কৰ্মীসকলক লৈ নতুন ৰাজনৈতিক দল গঠন কৰাৰ লগতে অহা ২৩ তাৰিখে নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিব বুলিও দাসে হুংকাৰ দিয়ে। ইফালে দিছপুৰৰ বৰ্তমানৰ বিধায়ক অতুল বৰায়ো দলৰ এই সিদ্ধান্তক তীব্ৰ গৰিহণা দিছে। তেওঁ অভিযোগ কৰা মতে, বৰ্তমান ৰাজ্যত বিজেপিৰ কোনো নিজা কাৰ্যালয় নাই, দুয়োটা কাৰ্যালয় এতিয়া কংগ্ৰেছীৰ দখলত। তেওঁ কয়, “মোক চৰম বিশ্বাসঘাতকতা কৰা হৈছে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ দল বুলি দাবী কৰা বিজেপিয়ে এতিয়া বাহিৰৰ পৰা প্ৰাৰ্থী ধাৰে আনি টিকট দিবলগীয়া হৈছে।” তেওঁ লগতে কয়, “মই ২২ তাৰিখে নিৰ্দলীয় হিচাপে খেলাৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ম। মই মুখ্যমন্ত্ৰীৰ কথা নুশুনো, কেৱল দিছপুৰৰ ৰাইজৰ কথাহে শুনিম।” উল্লেখ্য যে, ৰাজ্যৰ ভি ভি আই পি সমষ্টি হিচাপে পৰিচিত দিছপুৰত বিজেপিৰ এই বিদ্ৰোহে আগন্তুক নিৰ্বাচনত দলটোৰ বাবে কেনে প্ৰত্যাহ্বান কঢ়িয়াই আনে, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে। Share this:FacebookX Related Post navigation বিজেপিৰ প্ৰথম প্ৰাৰ্থী তালিকা প্ৰকাশ; ৮৮ প্ৰাৰ্থীৰ নাম ঘোষণা অগপৰ প্ৰাৰ্থী তালিকাত সংখ্যালঘুৰ জোৰ; ১৩ গৰাকী মুছলমান প্ৰাৰ্থীক স্থান