ৰাজ্যত বিধানসভা নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ মাজতে আজিৰে পৰা আৰম্ভ হৈছে হাই-প্ৰফাইল প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া। জালুকবাৰী সমষ্টিৰ পৰা ষষ্ঠবাৰৰ বাবে জয়ী হোৱাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ (মহানগৰ) জিলা নিৰ্বাচনী বিষয়ৰ কাৰ্যালয়ত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। মনোনয়ন দাখিলৰ পূৰ্বে খানাপাৰাৰ পৰা হেঙেৰাবাৰীলৈ এক বিশাল পদযাত্ৰাৰে শক্তি প্ৰদৰ্শনৰ প্ৰস্তুতি চলাইছে বিজেপি নেতৃত্বই।

নিজৰ মনোনয়ন দাখিলৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়া এক্সত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মোৰ মনোনয়ন দাখিলৰ সময়ত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা ডি চি অফিচলৈ উলিওৱা পদযাত্ৰাত যোগদান কৰিবলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদেই মোৰ যাত্ৰাৰ প্ৰধান শক্তি।”

কেৱল শাসনাধিষ্ঠ দলেই নহয়, আজি বিৰোধী শিবিৰৰ কেইবাজনো শীৰ্ষ নেতাই নিৰ্বাচনী যুঁজত আনুষ্ঠানিকভাৱে অৱতীৰ্ণ হ’ব। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিজৰ পৰিয়ালৰ দুৰ্গ হিচাপে পৰিচিত নাজিৰা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰাৰ বিপৰীতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰাই বৰচলা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

আনহাতে, আঞ্চলিক শক্তিৰ মাজতো আজি ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে খোৱাং সমষ্টিৰ পৰা আৰু ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব। উল্লেখ্য যে, অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ১২৬ খন আসনৰ এই নিৰ্বাচনী যুঁজত আজিৰ দিনটো এক বিশেষ সন্ধিক্ষণ হিচাপে বিবেচিত হৈছে।

অহা ২৩ মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। নিৰ্বাচনী আয়োগৰ সূচী অনুসৰি ২৪ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু ২৬ মাৰ্চলৈকে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ সুবিধা থাকিব। সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি এতিয়া ৪ মে’ৰ ভোট গণনাৰ ফলাফলৰ ওপৰত নিৱদ্ধ হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *