আয়কৰ বিভাগৰ ধাৰাবাহিক তালাচী আৰু মানসিক চাপৰ মাজতে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে। কৰ্ণাটকৰ ৰাজধানী চহৰ বাংগালুৰুৰ লেংফৰ্ড ৰোডত অৱস্থিত নিজ কাৰ্যালয়ত কনফিডেণ্ট গ্ৰুপৰ অধ্যক্ষ ৰয় চিৰিয়ানকাণ্ডথ যোচেফ ওৰফে চিজে ৰয়ে শুকুৰবাৰে দুপৰীয়া নিজৰ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ সময়ত আয়কৰ বিভাগৰ এটা দল তেওঁৰ কাৰ্যালয়তেই উপস্থিত আছিল। যোৱা দুই-তিনিদিন ধৰি আয়কৰ বিভাগে ব্যৱসায়ীজনৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী অভিযান চলাই আছিল। শুকুৰবাৰে দুপৰীয়া নিজৰ কাৰ্যালয় তথা বাসগৃহত তেওঁ গুলীবিদ্ধ হোৱাৰ পিছতে ততাতৈয়াকৈ এখন ব্যক্তিগত হাস্পতাললৈ লৈ যোৱা হয়। পৰৱৰ্তী সময়ত তেওঁক নাৰায়ণ হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। বেংগালুৰুৰ আৰক্ষী আয়ুক্ত সীমন্ত কুমাৰ সিঙে জনোৱা মতে, আৰক্ষীৰ ফৰেনচিক দল আৰু বিশেষজ্ঞই ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। চিজে ৰয় কেৰালাৰ অন্যতম অগ্ৰণী ৰিয়েল এষ্টেট প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আছিল। তেওঁৰ ব্যৱসায় ভাৰতৰ উপৰি ইউএই তথা আমেৰিকালৈকে বিস্তৃত আছিল। বেংকৰ ঋণ নোলোৱাকৈয়ে নিজৰ বৃহৎ প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে ব্যৱসায়ীজনৰ এক সুকীয়া পৰিচয় আছিল। বৰ্তমান Share this:FacebookX Related Post navigation মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আদালত অবমাননাৰ অভিযোগঃ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ আক্ৰমণ গৌৰৱ গগৈৰ সলনি হ’ব বুৰঞ্জী! হাইস্কুলৰ পাঠ্যপুথিত থকা বাঘ হাজৰিকাৰ তথ্য সলনি কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ চৰকাৰৰ