যদি মোৰ কন্যা কেতন আগৰৱালাৰ হত্যাকাণ্ডত দোষী প্ৰমাণিত হয়, তেন্তে তাইকো কঠোৰতম শাস্তি দিয়া উচিত। যি দ খাৱৈৰ পৰা কেতনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল, সেই একেই ঠাইৰ পৰাই তাইকো পেলাই দিয়া উচিত। – পুনেৰ চাঞ্চল্যকৰ কেতন হত্যাকাণ্ডত এইদৰেই নিজ কন্যাৰ শাস্তিৰ দাবী তুলিলে অভিযুক্ত বাগদত্তা ছিয়া গোৱেলৰ পিতৃ প্ৰবীণ গোৱেলে।

বিয়ালৈ মাত্ৰ কেইমাহমান বাকী থকা অৱস্থাত বাগদত্তা কেতন আগৰৱালৰ মৃত্যুৰ ঘটনাই দুটা পৰিয়াললৈ নমাই আনিছে অন্ধকাৰ। কেতনক নিজৰ পুত্ৰৰ দৰেই মৰম কৰিছিল বুলি উল্লেখ কৰি ছিয়াৰ পিতৃয়ে কয় যে, এই ঘটনাই তেওঁলোকক গভীৰ আঘাত দিছে। নিজৰ জীয়েকৰ বিৰুদ্ধে উঠা অভিযোগৰ মাজতো কেতনৰ পৰিয়ালে ন্যায় পোৱাটো বিচাৰে বুলি তেওঁ স্পষ্ট কৰে।

ছিয়াৰ পিতৃয়ে কয়, “কেতনৰ দৰে এজন ভাল ল’ৰাৰ সৈতে কি ঘটিল, সেয়া আমি কল্পনাও কৰিব পৰা নাই। দুয়োটা পৰিয়ালে এই বিয়াখনক লৈ বহু আশা কৰিছিল। কিন্তু এতিয়া সকলো শেষ হৈ গ’ল।”

উল্লেখ্য যে, অহা নৱেম্বৰত কেতন আগৰৱাল আৰু ছিয়া গোৱেলৰ বিয়া অনুষ্ঠিত হোৱাৰ কথা আছিল। ইতিমধ্যে দুই পৰিয়ালে বিয়াৰ বাবে বৃহৎ আয়োজন আৰম্ভ কৰিছিল। ৰাজস্থানৰ উদয়পুৰত বিয়াৰ অনুষ্ঠান আয়োজন কৰাৰ লগতে অতিথিসকলৰ বাবে বিশেষ ব্যৱস্থাও কৰা হৈছিল।

১৮ জুনত ছিয়াৰ জন্মদিন উদযাপন কৰিবলৈ কেতন আৰু ছিয়া মহাৰাষ্ট্ৰৰ লোহাগড় দুৰ্গলৈ গৈছিল। প্ৰথম অৱস্থাত ফটো তোলাৰ সময়ত পিছলি পৰি দ খাৱৈত পৰাৰ ফলত কেতনৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছিল ছিয়াই। প্ৰায় তিনি ঘণ্টাৰ উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰকাৰী দলে কেতনৰ মৃতদেহ উদ্ধাৰ কৰে।

কিন্তু তদন্ত আগবঢ়াৰ লগে লগে সলনি হৈ যায় ঘটনাটোৰ চিত্ৰ। মোবাইলৰ তথ্য, কলৰ নথি আৰু ঘটনাস্থলত পোৱা তথ্যৰ ভিত্তিত আৰক্ষীয়ে ছিয়া গোৱেল আৰু চেতন চৌধুৰীক আটক কৰে।

আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি, ছিয়াৰ সৈতে চেতন চৌধুৰীৰ প্ৰেমৰ সম্পৰ্ক আছিল। কেতনক বিয়া কৰিবলৈ ছিয়া অনিচ্ছুক আছিল নেকি আৰু সেই সম্পৰ্কৰ বাবেই তেওঁক আঁতৰোৱাৰ পৰিকল্পনা কৰা হৈছিল নেকি, সেই বিষয়সমূহো তদন্তৰ আওতালৈ আনিছে আৰক্ষীয়ে।

তদন্তকাৰীসকলৰ তথ্য অনুসৰি, ঘটনাৰ সময়ত লোহাগড় দুৰ্গ অঞ্চলত উপস্থিত আছিল চেতনো। চিচিটিভি ফুটেজ আৰু কলৰ নথিৰ পৰ্যালোচনাত দুয়োৰে মাজত ঘনিষ্ঠ যোগাযোগৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। যোৱা সাত মাহত ছিয়া আৰু চেতনৰ মাজত ২,০০৪ বাৰ ফৌনিক যোগাযোগ হোৱা বুলিও তদন্তত প্ৰকাশ পাইছে।

আৰক্ষীৰ মতে, কেতনক হত্যা কৰাৰ এইটো প্ৰথম চেষ্টা নাছিল। তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, ১৪ জুনতো পাহাৰৰ কাষত কেতনক ঠেলি দিয়াৰ চেষ্টা কৰা হৈছিল। সেই সময়ত তেওঁ জোপোহা এজোপা ধৰি নিজকে ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

ইফালে ছিয়াৰ মাতৃ পূজা গোৱেলেও দোষী ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। পূজা গোৱালে কয়, “কেতন অত্যন্ত ভাল ল’ৰা আছিল। যদি মোৰ কন্যাই এই ঘটনাত দোষী প্ৰমাণিত হয়, তেন্তে তাইও শাস্তি পোৱা উচিত। ন্যায়ৰ ক্ষেত্ৰত কোনো পাৰ্থক্য থাকিব নালাগে।”

ইতিমধ্যে ছিয়া গোৱেল আৰু চেতন চৌধুৰীক গ্ৰেপ্তাৰ কৰি সাতদিনীয়া আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। হত্যা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰত ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *