নিশা খোজকাঢ়ি গৈ থকাৰ সময়তে তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে তীৰ্থযাত্ৰীৰ এটা দলক। গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাৰ ভাস্কৰপাৰাৰ সমীপত সংঘটিত এই মৰ্মান্তিক ঘটনাত থিতাতে নিহত হয় ৭ জনকৈ লোক। জানিব পৰা মতে ৰাজকোটৰ গাধকা গাঁৱৰ পৰা ডেকাহোৱালাৰ এটা মন্দিৰলৈ খোজকাঢ়ি গৈ আছিল তীৰ্থযাত্ৰীৰ দলটো। লখতৰ-বীৰমগাম ঘাইপথত ট্ৰাকৰ প্ৰচণ্ড খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে ৬ গৰাকী ভক্তই। ঘাইপথৰ কাষত এটা ডাম্পাৰৰ চকা সলাই থকাৰ সময়তে তীৰ্থযাত্ৰীৰ দলটোৱে সেই স্থান অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল। সেই মূহূৰ্ততে এখন অনিয়ন্ত্ৰিত ট্ৰাকে পাছফালৰ পৰা প্ৰায় ১০ জন লোকক মহতিয়াই লৈ যায়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে যাত্ৰীকেইজনৰ শৰীৰৰ কোনো অংগই অক্ষত অৱস্থাত নাথাকিল। আনহাতে গুৰুতৰভাৱে আহত হোৱা ডাম্পাৰ চালকজনেও বীৰমগামৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। পথচাৰীৰ খবৰৰ ভিত্তিত আৰক্ষীৰ দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰত্যক্ষদৰ্শীৰ মতে ট্ৰাকখনৰ খুন্দাৰ প্ৰচণ্ড ইমানেই বেছি আছিল যে একাংশ মৃতদেহৰ অৱশিষ্ট সংগ্ৰহ কৰিবলৈ কৰ্তৃপক্ষই কোৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হয়। ইতিমধ্যে ঘাতক ট্ৰাকখনৰ চালকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছে। এই কৰুণ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰাকৰ তলত ই-ৰিক্সা, ৪ জনৰ কৰুণ অন্ত মহিলা সংৰক্ষণ বিতৰ্ক; কেন্দ্ৰক লক্ষ্য কৰি সংবিধানত হস্তক্ষেপৰ অভিযোগ উত্থাপন