পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মুৰিডকেত থকা লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়ৰ ভিতৰতে দেওবাৰে নিশা প্ৰাণ হেৰুৱায় সংগঠনটোৰ শীৰ্ষ কামাণ্ডাৰ বিলাল আৰিফ ছালাফীয়ে। ঈদৰ নামাজৰ পাছতেই ‘মাৰকাজ টাইবা’ৰ দৰে উচ্চ নিৰাপত্তাযুক্ত এলেকাত সোমাই অচিনাক্ত আততায়ীয়ে গুলীয়াই আৰু চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে ৰাষ্ট্ৰসংঘই নিষিদ্ধ কৰা সন্ত্ৰাসবাদী গোটটোৰ এই জ্যেষ্ঠ কেডাৰজনক। প্ৰাপ্ত তথ্য মতে, এই আক্ৰমণৰ পাছতে আততায়ীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পাকিস্তানৰ সংবাদ মাধ্যমে এই ঘটনাক লৈ বিশেষ তৎপৰতা প্ৰকাশ কৰা নাই যদিও একাংশই ইয়াক সংগঠনটোৰ ভিতৰচ’ৰাৰ ক্ষমতাৰ যুঁজ বুলিহে সন্দেহ কৰিছে। বিশেষকৈ ২০২৫ চনৰ ভাৰত-পাকিস্তান সংঘাতৰ পাছত লস্কৰৰ কেডাৰসকলৰ মাজত সৃষ্টি হোৱা তীব্ৰ অসন্তুষ্টিয়েই এই হত্যাকাণ্ডৰ মূল কাৰণ হ’ব পাৰে বুলি ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে ধাৰণা কৰিছে। উল্লেখ্য যে, বিলাল আৰিফ ছালাফী ২০০৫ চনৰ পৰাই লস্কৰৰ সৈতে জড়িত হৈ আহিছে। তেওঁ বিশেষকৈ জম্মু-কাশ্মীৰত কূটাঘাতী কাৰ্য চলোৱাৰ বাবে যুৱকসকলক প্ৰৰোচিত কৰিছিল। ইয়াৰ উপৰি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পুঁজি সংগ্ৰহৰ কামতো তেওঁ সক্ৰিয়ভাৱে লিপ্ত আছিল। এই হাই-প্ৰফাইল হত্যাকাণ্ডই লস্কৰ-ই-তৈবাৰ দৰে সংগঠিত সন্ত্ৰাসবাদী গোটৰ আভ্যন্তৰীণ নিৰাপত্তা সম্পূৰ্ণৰূপে বিঘ্নিত কৰিছে। Share this:FacebookX Related Post navigation মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ ভাৰতৰ শ্বেয়াৰ বজাৰত এইবাৰ পুৰণি বিজেপিয়ে কঁকাল ভাঙিব নতুন বিজেপিৰঃ ৰাজেন গোহাঁই