বলীউডৰ মেগাষ্টাৰ ছলমান খানে আজি ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আই এছ আৰ এল)ৰ ছিজন ২ আনুষ্ঠানিকভাৱে উন্মোচন কৰে, এই দ্বিতীয় সংস্কৰণৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে আছে অভিনেতাজন। ছলমান খানৰ অজস্ৰ অনুৰাগী, সাৰ্বজনীন আবেদন আৰু মটৰ চাইকেল আৰু ফিটনেছৰ প্ৰতি থকা ব্যক্তিগত আবেগৰ সৈতে আই এছ আৰ এলে নিৰ্দিষ্ট ক্ৰীড়াৰ সীমা অতিক্ৰমি মূলসুঁতিৰ সাংস্কৃতিক পৰিঘটনালৈ বিকশিত হ’বলৈ সাজু হৈছে। মুম্বাইত ছিজনৰ শুভাৰম্ভণি সংবাদমেলত ছলমান খানৰ অংশগ্ৰহণ আৰু বিনিয়োগকাৰী হিচাপে যোগদানৰ পৰিকল্পনাৰ ওপৰত আলোকপাত কৰা হৈছিল, যিয়ে আইএছআৰএলৰ অটোমোটিভ আৰু গ্ৰাহক-কেন্দ্ৰিক ব্ৰেণ্ডৰ লগতে পৰিয়াল-কেন্দ্ৰিক মনোৰঞ্জনৰ গন্তব্যস্থান হোৱাৰ বৰ্ধিত উচ্চাকাংক্ষাত গুৰুত্বপূৰ্ণ গতি সংযোগ কৰিব। ভাৰতত ছুপাৰক্ৰছক বৈশ্বিক পৰ্যায়লৈ উন্নীত কৰাৰ অভিযানৰ অংশ হিচাপে ছলমান খানে ভাৰতত তৃণমূল পৰ্যায়ৰ মটৰস্পৰ্ট উন্নয়নৰ বাবে উৎসর্গীকৃত ‘আইএছআৰএল প্ৰোভিং গ্ৰাউণ্ড’ৰ শুভাৰম্ভণি কৰে।পুনেৰ ওচৰৰ ৭ একৰ ক্ষেত্ৰত নিৰ্মাণ কৰা এই সুবিধা কেন্দ্ৰটোত অ-পেচাদাৰী, শিশু, মট’ক্ৰছ, ছুপাৰক্ৰছ, এটিভি, বৈদ্যুতিক বাইক, ট্ৰেইল ৰাইডিং আৰু একাধিক উদ্দেশ্য-নিৰ্মিত ট্ৰেকৰ ব্যৱস্থা থাকিব। অনুষ্ঠানত নিজৰ বক্তব্য ৰাখি ছলমান খানে কয় যে, ” আমি ‘আইএছআৰএল প্ৰোভিং গ্ৰাউণ্ড’ৰ শুভাৰম্ভণিৰ জৰিয়তে ভাৰতৰ যুৱক-যুৱতীসকলক ডাঙৰ স্বপ্ন অনুসৰণ কৰিবলৈ আৰু বিশ্ব পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় সমৰ্থন, সঁজুলি আৰু প্ৰশিক্ষণ লাভ কৰাৰ সুযোগ আগবঢ়াইছোঁ।” এই বিষয়ে সদৰি কৰি আইএছআৰএলৰ পৰিচালন সঞ্চালক বীৰ পেটেলে লগতে কয় যে, “ব্ৰেণ্ড এম্বেছাদৰৰ পৰা বিনিয়োগকাৰীলৈ চলমান খানৰ সবল উপস্থিতি হৈছে আইএছআৰএলৰ দৃষ্টিভংগীক লৈ অভিনেতাজনৰ আস্থাৰ প্ৰমাণ।” আইএছআৰএল এতিয়া অটোমোটিভ উদ্যোগৰ পৰীক্ষামূলক বিকাশৰ বাবে ভাৰতৰ একমাত্ৰ সমৰ্পিত মঞ্চ। আইএছআৰএলৰ ৫ বছৰীয়া ৰোডমেপত একাধিক চহৰত দ্ৰুত সম্প্ৰসাৰণ, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, বিশ্বব্যাপী খেলুৱৈৰ অংশগ্ৰহণ আৰু ফ্ৰেঞ্চাইজিৰ মূল্য, পৃষ্ঠপোষকতাৰ ৰাজহ আৰু ব্ৰেণ্ড অংশীদাৰিত্বৰ উল্লেখযোগ্য বৃদ্ধিৰ দিশসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। Share this:FacebookX Related Post navigation এক গৌৰৱময় উত্তৰাধিকাৰ: উদ্ভাৱন আৰু স্থিৰতাৰ প্ৰতি দায়বদ্ধতাৰে বেংক অৱ বৰোদাৰ ১১৮ বছৰীয়া যাত্ৰা উদযাপন