এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স লিমিটেডে ভাৰতৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহ(এমএছএমই)ৰ বিত্তীয় সুৰক্ষা বৃদ্ধিৰ বাবে সাৰাথি ফাইনেন্স এণ্ড ক্ৰেডিট প্ৰাইভেট লিমিটেডৰ সৈতে কৌশলগত কৰ্পৰেট এজেণ্ট অংশীদাৰিত্বত স্বাক্ষৰ কৰিছে। নতুন যুগৰ এনবিএফচি সাৰথি ফাইনেন্সে বিশেষকৈ তৃণমূল পৰ্যায়ত এমএছএমইৰ বাবে ঋণৰ ব্যৱধান দূৰ কৰাত গুৰুত্ব আৰোপ কৰে।
এই অংশীদাৰিত্বৰ অধীনত এক্সিছ মেক্স লাইফে সাৰথিৰ ঋণগ্ৰহণকাৰীসকলক নিজৰ গ্ৰুপ ক্ৰেডিট লাইফ ছিকিউৰ (জিচিএলএছ) বিকল্পসমূহ আগবঢ়াব। এই ব্যৱস্থাই আৰ্থিক সুৰক্ষাৰ জাল হিচাপে কাম কৰিবলৈ প্ৰস্তুত কৰা হৈছে, যাতে অভাৱনীয় পৰিঘটনাৰ ক্ষেত্ৰত ঋণৰ বোজা ঋণ লোৱাজনৰ পৰিয়ালৰ ওপৰত নপৰে বা ব্যৱসায়ত ব্যাঘাত জন্মাব নোৱাৰে।
এক্সিছ মেক্স লাইফৰ এমডি তথা চিইঅ’ সুমিত মদনে কয় যে এই সহযোগিতাই ক্ষুদ্ৰ উদ্যোগীসকলৰ মাজত স্থিতিস্থাপকতা শক্তিশালী কৰিবলৈ বীমা সুৰক্ষাৰ সৈতে ডিজিটেল-প্ৰথম ঋণক একত্ৰিত কৰে। সাৰথি ফাইনেন্সৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া বিবেক বাঞ্চালে এই বিষয়ে সদৰি কৰি কয় যে, ৯০% তকৈও অধিক এমএছএমইয়ে কম মূলধনৰ ব্যৱধানত কাম কৰাৰ বাবে এম্বেডেড ইঞ্চুৰেন্সৰ জৰিয়তে ঋণক দীৰ্ঘম্যাদী সুৰক্ষা পৰিকাঠামোলৈ ৰূপান্তৰিত কৰাত সহায় কৰিব পাৰে।
এই অংশীদাৰিত্বই “২০৪৭ৰ ভিতৰত সকলোৰে বাবে বীমা”ৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতে সংগতি ৰাখে আৰু ইয়াৰ লক্ষ্য হৈছে অনগ্ৰসৰ ব্যৱসায়ীসকলৰ মাজত বীমাৰ ব্যৱধান দূৰ কৰি সমগ্ৰ টায়াৰ ৩ আৰু টায়াৰ ৪ বজাৰসমূহত বিত্তীয় অন্তৰ্ভুক্তিৰ সম্প্ৰসাৰণ কৰা।
এই সহযোগিতাই গুৱাহাটীকে ধৰি অসমত অনানুষ্ঠানিক বা অসুৰক্ষিত ঋণৰ ওপৰত নিৰ্ভৰশীল ক্ষুদ্ৰ ব্যৱসায়ী আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ এক বৃহৎ ভিত্তি লাভৱান হোৱাৰ সম্ভাৱনা আছে। অঞ্চলটোত এমএছএমইৰ অৱদান বৃদ্ধিৰ লগে লগে সংহত বীমা সমৰ্থিত ঋণ প্ৰদানে বিত্তীয় স্থিতিশীলতা উন্নত কৰিব পাৰে আৰু স্থানীয় ব্যৱসায়ীসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *