“পৰাগজ্যোতি প্ৰকাশন” ৰ উদ্যোগত  অসমৰ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ  ৮২ বৰ্ষীয়া ড০ নাৰায়ণ দাসক তেওঁৰ নিজৰ বাসগৃহ আজাৰা ৰাজহ চক্ৰৰ ডেকাপাৰাত  কালি উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে । আজাৰা সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্টা কবি বুলু কুমাৰী বড়াই অংশ লৈ কয়— “ড০ নাৰায়ণ দাসৰ ৰচনা, নিবন্ধসমূহ সূক্ষ্মৰো সূক্ষ্ম উপলব্ধিযুক্ত । প্ৰতিটো নিবন্ধই গৱেষনালব্ধ ।” সম্বৰ্দ্ধনা গ্ৰহণ কৰি ড০ নাৰায়ণ দাসে কয়- “পৰাগজ্যোতি প্ৰকাশন আগুৱাই থাকক । অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে অহৰহ কাম কৰক ।

অসমীয়া ভাষাৰ কোনোকালে মৃত্যু নহয় । অসম সাহিত্য সভাই পূৰ্বৰ সন্মান আজুৰি আনিবলৈ আৰু  অনেক কাম কৰিব কৰিব লাগিব ।” প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, ‘সাহিত্য কোঁৱৰ’ কমল কলিতাই কয়- “ড০ নাৰায়ণ দাস প্ৰগাঢ় ব্যক্তিত্বৰ অধিকাৰী ।   ভাষা আৰু লিপিৰ এজন উচ্ছমান বিশিষ্ট গৱেষক । এজনা গভীৰ আত্মোদৃষ্টিসম্পন্ন সুবক্তা ।”

সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ উপদেষ্টা মনোৰঞ্জন ভট্টাচাৰ্যই অনুষ্ঠানত অংশ লৈ কয়- “পৰাগজ্যোতি প্ৰকাশনে মহৎ কাম কৰিলে । ড০ দাস চাৰৰ জ্ঞানৰ পৰিধি  বিশাল । ন-প্ৰজন্মই তেওঁৰ সৃষ্টিৰাজি গভীৰ ভাৱে পঢ়িব লাগিব ।  বৃহত্তৰ অঞ্চলটোৰ ৰাইজে  আজীৱন শিক্ষাব্ৰতী, গৱেষক ড০ দাস চাৰৰ ৰচনানাসমূহৰে আগবাঢ়িব লাগিব ।”

Leave a Reply

Your email address will not be published. Required fields are marked *