ৰেনল্ট ইণ্ডিয়াই জিএছটি ২.০ৰ সম্পূৰ্ণ সুবিধা গ্ৰাহকক প্ৰদান কৰি সমগ্ৰ পৰ্টফলিঅ’ত ব্যাপক মূল্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। ২০২৫ চনৰ ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধিত মূল্যসমূহ — ৯৬,৩৯৫ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে — সকলো বাহনৰ ডেলিভাৰীতে উপলব্ধ হ’ব, নৱৰাত্ৰি ফেষ্টিভ ছিজনৰ সময়তে এই সুবিধা আগবঢ়োৱা হৈছে। ইতিমধ্যে দেশজুৰি নতুন হাৰত বুকিং আৰম্ভ হৈছে। এতিয়া কেডব্লিউআইডি ৪.২৯ লাখ টকাৰ পৰা আৰম্ভ হৈছে, আনহাতে কিগাৰ আৰু ট্ৰাইবাৰৰ মূল্য ৫.৭৬ লাখ টকাৰ পৰা আৰম্ভ হৈছে, যাৰ ফলত ৰেনল্ট বাহনসমূহ যথেষ্ট সুলভ হৈ পৰিছে। কিগাৰৰ ভেৰিয়েণ্টত আটাইতকৈ বেছি হ্ৰাস কৰা হৈছে, টপ এণ্ড মডেলত প্ৰায় এক লাখ হ্ৰাস পাইছে।

ৰেনল্ট ইণ্ডিয়াৰ এম ডি ভেংকটৰাম মমিল্লাপল্লেই এই বিষয়ে সদৰি কৰি কয় যে,” সম্পূৰ্ণ জিএছটি ২.০ প্ৰাপ্ত কৰাটো আমাৰ গ্ৰাহকসকলৰ প্ৰতি আমাৰ অটল প্ৰতিশ্ৰুতিৰ প্ৰতিফলন।  এই উদ্যোগটোৱে ফেষ্টিভ ছিজনত চাহিদা বৃদ্ধি কৰিব আৰু আমাৰ উদ্ভাৱন, মূল্য আৰু বিশ্বাসৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰিব।”

ৰেনল্ট ৰ উত্তৰ-পূবৰ অন্যতম প্ৰধান বজাৰ গুৱাহাটীৰ ডিলাৰসমূহে উৎসৱৰ সময়ছোৱাত বুকিং বৃদ্ধিৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে। স্থানীয় অটোমোবাইল খুচুৰা বিক্ৰেতাসকলে উল্লেখ কৰিছিল যে প্ৰতিযোগিতামূলক মূল্যই বিশেষকৈ কিগাৰৰ দৰে সংপৃক্ত এছইউভি অন্বেষণ কৰি থকা প্ৰথমবাৰৰ ক্ৰেতাসকলৰ মাজত অধিক শক্তিশালী আগ্ৰাহ লাভৰ সম্ভাৱনা আছে।  ইন্ধন দক্ষতা আৰু ব্যয়সাধ্যতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰেনল্টে অসমৰ বৰ্ধিত নগৰীয়া বজাৰত অধিক আকৰ্ষণৰ আশা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *