অহা ৩১ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অভিনীত অন্তিমখন ছবি “ৰৈ ৰৈ বিনালে”ক কৰমুক্ত কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ প্ৰত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে।তেওঁ কয় যে -“ৰৈ ৰৈ বিনালে” হৈছে জুবিন দাৰ জীৱনকালত অভিনয় কৰা আৰু সংগীত পৰিচালনা কৰা অন্তিমখন ছবি। সেয়েহে প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিমখন ছবি চাবলৈ অসমৰ সৰ্বস্তৰৰ ৰাইজ উদ্বাউল হৈ আছে। সকলো শ্ৰেণী ৰাইজে যাতে এই চিনেমাখন কোনো অসুবিধা নোহোৱাকৈ চাব পাৰে ইয়াৰ বাবেই চৰকাৰে ছবিখন কৰমুক্ত কৰিব লাগে। ইয়াৰোপৰি এনে পদক্ষেপৰদ্বাৰা জুবিন গাৰ্গে আজীৱন অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়াই নিবলৈ কৰা ঐকান্তিক প্ৰচেষ্টাৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰা হ’ব আৰু ৰাজ্যখনৰ প্ৰতিটো চোক-কোণৰ সকলো শ্ৰেণীৰ ৰাইজৰ চিনেমাখন চোৱাত সুবিধা হ’ব। আনহাতে,প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে সকলো জিলা কংগ্ৰেছ ,ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ কমিটীৰ সভাপতিক নিজ নিজ জিলা,ব্লক,মণ্ডলৰ স্হানীয় সকলো ৰাইজক জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অভিনীত অন্তিমখন ছবি “ৰৈ ৰৈ বিনালে” চাবলৈ আহ্বান জনাবলৈ অনুৰোধ জনাই। Share this:FacebookX Related Post navigation ব্ৰহ্মপুত্ৰত বিসৰ্জন জুবিনৰ চিতাভষ্ম জনজাতিকৰণৰ দাবীত কঁপাই তোলে মৰাণৰ ৰাজপথ