পুনৰ ৫ টা বছৰ ক্ষমতাৰ গাদী দখল কৰাৰ লক্ষ্যৰে একাধিক উন্নয়নৰ প্ৰতিশ্ৰুতিৰে মুকলি কৰা হ’ল অসম বিজেপিৰ সংকল্প পত্ৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে উন্মোচন কৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ। গুৱাহাটীত অনুষ্ঠিত এই কাৰ্যসূচীত খিলঞ্জীয়াৰ ভূমি আৰু ঐতিহ্য সুৰক্ষাৰ দোহাই দি ৰাজ্যৰ আন্তঃগাঁথনিৰ বাবে ৫ লাখ কোটি টকাৰ এক বৃহৎ বিনিয়োগৰ টোপ আগবঢ়াইছে শাসনাধিষ্ঠ দলটোৱে। ৩১ টা প্ৰতিশ্ৰুতি সম্বলিত এই সংকল্প পত্ৰত অভিন্ন দেৱানী বিধি আৰু বেদখলমুক্ত ভূমিৰ দৰে স্পৰ্শকাতৰ বিষয়সমূহক নিৰ্বাচনী ঢাল হিচাপে ব্যৱহাৰ কৰা হৈছে। বিগত দহ বছৰৰ তথাকথিত পৰিৱৰ্তনৰ খতিয়ান দাঙি ধৰি সীতাৰমণে কয়, “যোৱা এটা দশকত অসমত যি পৰিৱৰ্তন আহিছে, সেয়া কংগ্ৰেছে ৬০ বছৰতো কৰিব পৰা নাছিল। কংগ্ৰেছৰ ৰাজনীতিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ দীৰ্ঘম্যাদী উন্নয়ন সদায় অৱহেলিত হৈ আছিল।” তেওঁ লগতে কয় যে বিজেপিৰ শাসনত অসমত শান্তি ঘূৰি আহিছে আৰু ইয়াৰ বাবেই এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অসমীয়া যুৱক-যুৱতীসকলে সংস্থাপনৰ বাবে নিজ ৰাজ্যলৈ উভতি আহিছে। কংগ্ৰেছৰ শাসনকালৰ আইন-শৃংখলাক তীব্ৰ সমালোচনা কৰি বিত্তমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, “কংগ্ৰেছৰ নীতিৰ বাবেই অসমে ৩২ বছৰ ধৰি আফ্ছপাৰ কৱলত থাকিবলগীয়া হৈছিল। কিন্তু বিজেপি চৰকাৰেহে ৰাজ্যৰ অধিকাংশ অঞ্চলৰ পৰা এই ক’লা আইন প্ৰত্যাহাৰ কৰাটো নিশ্চিত কৰিলে।” ইস্তাহাৰত যুৱক-যুৱতীৰ কৰ্মসংস্থাপন আৰু অৰ্থনৈতিক উন্নয়নৰ প্ৰতিশ্ৰুতিৰে বিজেপিয়ে পুনৰবাৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কৌশল ৰচনা কৰিছে। এই অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদিকে ধৰি দলৰ বহু জ্যেষ্ঠ নেতা উপস্থিত থাকে। উল্লেখ্য যে অহা ৯ এপ্ৰিলত ৰাজ্যৰ ১২৬ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ফলাফল ঘোষণা কৰা হ’ব। চৰকাৰৰ এই বৃহৎ অৰ্থনৈতিক প্ৰতিশ্ৰুতিয়ে ভোটাৰৰ মন কিমান জয় কৰিব পাৰিব, সেয়া অনাগত নিৰ্বাচনতহে স্পষ্ট হ’ব। Share this:FacebookX Related Post navigation বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰচাৰ; হিমন্ত বিশ্ব শৰ্মাক সুবিধাবাদী আখ্যা গৌৰৱ গগৈ ৰ