আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অব্যাহত থকা ড্ৰাগছৰ অবাধ সৰবৰাহৰ বিৰুদ্ধে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল মণিপুৰ আৰক্ষী। মঙলবাৰে আৰক্ষীয়ে ৰাজ্যখনৰ চুৰচান্দপুৰত অভিযান চলাই চাৰিজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত লোককেইজনৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰা বুলি নিৰাপত্তা বাহিনীয়ে জানিবলৈ দিয়ে। আৰক্ষীৰ এক যুটীয়া দলে বেহিয়াং থানা এলেকাত এখন মটৰ চাইকেল ভেটি প্ৰথমে দুজন ব্যক্তিক আটক কৰে। বুয়ালকোট গাঁৱৰ পৰা আটক কৰা এই লোক দুজনৰ পৰা সন্দেহযুক্ত হেৰ’ইন ভৰ্তি ২২ টা চাবোনৰ বাকচ উদ্ধাৰ কৰা হয়। ইয়াৰ সমান্তৰালভাৱে চলোৱা আন এক অভিযানত বেহিয়াং গাঁৱৰ পৰা আৰু দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে। তেওঁলোকৰ জিম্মাৰ পৰা অতিৰিক্ত ৪৪ টা চাবোনৰ বাকচত থকা হেৰ’ইন জব্দ কৰা হয়। সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে জনোৱা মতে জব্দ কৰা ড্ৰাগছখিনিৰ মুঠ পৰিমাণ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য কিমান হ’ব, সেই বিষয়ে এতিয়াও নিশ্চিত হোৱা নাই। অভিযানসমূহ অতি দুৰ্গম অঞ্চলত চলোৱা বাবে সম্পূৰ্ণ তথ্য আহিবলৈ কিছু সময়ৰ প্ৰয়োজন বুলি বিষয়াগৰাকীয়ে দোহাৰে। গ্ৰেপ্তাৰ হোৱা ব্যক্তিকেইজনক ম্যানমাৰৰ চিখা গাঁৱৰ বাসিন্দা থাংচাওমুং, কামখেনমুং, জনমুং আৰু হাউখুই বুলি চিনাক্ত কৰা হৈছে। অঞ্চলটোত নিৰাপত্তা বাহিনীৰ এই তৎপৰতাক প্ৰাক্তন মুখ্যমন্ত্রী এন বীৰেন সিঙে প্ৰশংসা কৰে। এক বিবৃতিত তেওঁ কয় যে এই গ্ৰেপ্তাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ড্ৰাগছ সৰবৰাহ আৰু অনুপ্ৰৱেশৰ ভয়াবহতা পুনৰ প্ৰমাণ কৰিলে। তেওঁ লগতে কয়, “বেহিয়াং আৰক্ষী আৰু অসম ৰাইফলছৰ এই যুটীয়া সমন্বয় অতি প্রশংসনীয়।” উল্লেখ্য যে ধৃত লোককেইজনৰ বিৰুদ্ধে বেহিয়াং থানাত বিদেশী আইন আৰু এন ডি পি এছ আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে। এই ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন তথ্যৰ সন্ধানত আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে। Share this:FacebookX Related Post navigation ইভিএম সুৰক্ষা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ; মমতা বেনার্জীৰ অভিযোগ খাৰিজ বংগৰ মুখ্য নিৰ্বাচনী বিষয়াৰ অসম চুক্তি ৰূপায়ণত অগপৰ সমৰ্থন; ৰাজ্যৰ শান্তি আৰু উন্নয়নত এন ডি এৰ ভূমিকাৰ প্ৰশংসা অতুল বৰাৰ