অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে কৰা বিস্ফোৰক মন্তব্যৰ পাছতে আইনী মেৰপেচত এতিয়া আৱদ্ধ হৈ পৰিছে কংগ্ৰেছ নেতা পৱন খেৰা। অসম আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাছতে গ্ৰেপ্তাৰৰ আশংকাত খেৰাই তেলেংগানা উচ্চ ন্যায়ালয়ৰ কাষ চাপে। যোৱা ৭ এপ্ৰিলত দাখিল কৰা এই আবেদনত কংগ্ৰেছ নেতাগৰাকীয়ে নিজৰ ঠিকনা হায়দৰাবাদ বুলি উল্লেখ কৰিছে। সম্ভাৱ্য গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা বিচাৰি তেওঁ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চ আৰু তেলেংগানা চৰকাৰক এই গোচৰত প্ৰতিবাদী পক্ষ হিচাপে অন্তৰ্ভুক্ত কৰে।

উল্লেখ্য যে, যোৱা ৫ এপ্ৰিলত পৱন খেৰাই কৰা এক বিস্ফোৰক মন্তব্যই এতিয়া সমগ্ৰ দেশতে তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। ৰিণিকি ভূঞা শৰ্মাৰ হাতত একাধিক পাছপ’ৰ্ট থকাৰ লগতে বিদেশত অঘোষিত সম্পত্তি থকা বুলি খেৰাই তুলিছিল গুৰুতৰ অভিযোগ। আনকি মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী শপতনামাত এই তথ্যসমূহ লুকুৱাই ৰখা বুলিও তেওঁ দাবী কৰে। এই অভিযোগৰ পাছতে অসম চৰকাৰে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া এতিয়া তীব্ৰতৰ কৰি তুলিছে।

তদন্তৰ অংশ হিচাপে অসম আৰক্ষীৰ এটা দলে ইতিমধ্যে উপস্থিত হয় দিল্লীস্থিত খেৰাৰ বাসগৃহত। এই কাৰ্যব্যৱস্থাই সমগ্ৰ বিষয়টোক লৈ এতিয়া এক নতুন ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে। তদন্তৰ অগ্ৰগতিৰ মাজতে খেৰাই উচ্চ ন্যায়ালয়ৰ পৰা অন্তৰ্ৱৰ্তীকালীন সুৰক্ষা লাভ কৰে নে নাই, সেয়া সময়ত লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *