নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰা নহয় পাছপ’ৰ্টক। বিদেশ মন্ত্ৰালয়ৰ শেহতীয়া মন্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে এই স্পষ্টীকৰণ প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। এক চৰকাৰী বিবৃতিযোগে কেন্দ্ৰই সদৰী কৰে যে, পাছপ’ৰ্টক নাগৰিকত্বৰ একমাত্ৰ বা চূড়ান্ত প্ৰমাণ হিচাপে ধৰা নহয়। উল্লেখ্য যে, বুধবাৰে বিদেশ মন্ত্ৰালয়ে ভাৰতীয় পাছপ’ৰ্ট মূলতঃ ভ্ৰমণৰ নথি আৰু ইয়াক নাগৰিকত্বৰ নিৰ্ণায়ক প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি মন্তব্য কৰিছিল। এই মন্তব্যৰ পাছতেই বিৰোধী দলৰ নেতাসকলে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন উত্থাপন কৰে। বিদেশ মন্ত্ৰালয়ৰ মন্তব্যৰ পাছত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে কেন্দ্ৰই প্ৰকাশ কৰা স্পষ্টীকৰণত উল্লেখ কৰে যে, পাছপ’ৰ্টক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য নকৰাটো কোনো নতুন সিদ্ধান্ত নহয়। বিগত ১২ বছৰতো এই ক্ষেত্ৰত কোনো নতুন নীতি গ্ৰহণ কৰা হোৱা নাই। পাছপ’ৰ্ট আইন, ১৯৬৭ৰ ২০ নম্বৰ ধাৰাৰ উল্লেখ কৰি কেন্দ্ৰই কয় যে, বিশেষ পৰিস্থিতিত ভাৰতীয় নাগৰিক নহোৱা ব্যক্তিকো পাছপ’ৰ্ট বা ভ্ৰমণ নথি প্ৰদান কৰাৰ ব্যৱস্থা আছে। এই আইনী ব্যৱস্থাই স্পষ্ট কৰে যে, পাছপ’ৰ্ট কেৱল নাগৰিকত্বৰ একমাত্ৰ আধাৰ হ’ব নোৱাৰে। কেন্দ্ৰই লগতে বোম্বে উচ্চ ন্যায়ালয়ৰ ২০১৩ চনৰ এটা ৰায়ৰ কথা উল্লেখ কৰে। সেই ৰায়ত আদালতে স্পষ্ট কৰিছিল যে, কেৱল পাছপ’ৰ্ট থকাৰ ভিত্তিত কোনো ব্যক্তিৰ ভাৰতীয় নাগৰিকত্ব নিশ্চিত নহয়। বুধবাৰে বিদেশ মন্ত্ৰালয়ৰ সংবাদমেলত পাছপ’ৰ্টৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱা হৈছিল। মন্ত্ৰালয়ে উল্লেখ কৰিছিল যে, পাছপ’ৰ্ট মূলতঃ বিদেশ ভ্ৰমণৰ বাবে প্ৰদান কৰা এক চৰকাৰী নথি আৰু নাগৰিকত্ব নিৰ্ধাৰণৰ বাবে অন্যান্য প্ৰাসংগিক তথ্যও বিবেচনা কৰা হয়। এই মন্তব্যৰ পাছতেই ৰাজ্যসভাৰ সাংসদ কপিল ছিবালে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে। পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহ’লে কোনখন নথি নাগৰিকত্বৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হ’ব, সেই বিষয়ত তেওঁ প্ৰশ্ন উত্থাপন কৰে। আনহাতে, বিজেপি নেতা অমিত মালব্যই কয় যে বিদেশ মন্ত্ৰালয়ে কোনো নতুন নীতি ঘোষণা কৰা নাই। বহুদিন ধৰি চলি অহা আইনী স্থিতিহে পুনৰ স্পষ্ট কৰা হৈছে। মালব্যই উল্লেখ কৰে যে, পাছপ’ৰ্ট এক গুৰুত্বপূৰ্ণ পৰিচয় আৰু ভ্ৰমণ নথি। কিন্তু ভাৰতীয় নাগৰিকত্ব সংবিধান আৰু নাগৰিকত্ব আইন, ১৯৫৫ৰ বিধান অনুসৰি নিৰ্ধাৰণ কৰা হয়। জন্মৰ প্ৰমাণপত্ৰ, পিতৃ-মাতৃৰ নাগৰিকত্বৰ তথ্য, বিদ্যালয়ৰ নথি, ভোটাৰ তালিকা, চৰকাৰী সেৱাৰ তথ্য, ভূমি আৰু বাসস্থানৰ নথিকে ধৰি বিভিন্ন তথ্য নাগৰিকত্ব নিৰ্ধাৰণৰ ক্ষেত্ৰত বিবেচনা কৰা হয়। উল্লেখ্য যে, ১৯৬৭ চনৰ ২৪ জুনত পাছপ’ৰ্ট আইন প্ৰণয়ন হোৱা উপলক্ষে দেশত পালন কৰা হৈছে ১৪ সংখ্যক পাছপ’ৰ্ট সেৱা দিৱস। এই উপলক্ষে নতুন দিল্লীত ১৭ জুনৰ পৰা ১৯ জুনলৈ আঞ্চলিক পাছপ’ৰ্ট বিষয়াসকলৰ তিনিদিনীয়া সন্মিলন অনুষ্ঠিত হৈছিল। Share this:FacebookX Related Post navigation ইমাৰ্জেন্সি ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ এক অন্ধকাৰ অধ্যায়ঃ হিমন্ত বিশ্ব শৰ্মা পুনৰ অৰণ্যত মুকলি বন্যপ্ৰাণী সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰ কৰা ৭টা সোণালী বান্দৰ