বেংগালুৰুৰ এটা ভাৰাঘৰৰ বন্ধ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে অসমৰ ৪ জনকৈ যুৱকৰ মৃতদেহ । বেংগালুৰু চুলিবেলে আৰক্ষী থানাৰ অধীনস্থ মুটছান্দ্ৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ নিশা শুই থকা অৱস্থাত সন্দেহজনক পৰিস্থিতিত মৃত্যু হয় অসমৰ এই চাৰি যুৱ শ্ৰমিকৰ ।নিহত শ্ৰমিককেইজনক জয়ন্ত চিন্তে (২৫), নৰেন্দ্ৰনাথ টাইড (২৪), ডক্টৰ টাইড (২৫) আৰু ধনঞ্জয় টাইড (২০) বুলি চিনাক্ত কৰা হৈছে ৷ শুকুৰবাৰে দিনত কাম শেষ কৰি নিশা ঘৰলৈ আহি আটাইকেইজন শুই পৰে । ইয়াৰ পাছত পুৱা ঘৰৰ ভিতৰত শুই থকা সময়ত মৃত অৱস্থাত উদ্ধাৰ হয় যুৱককেইজন । চুলিবেলে আৰক্ষীয়ে নিশ্চিত কৰে এই তথ্য ৷শ্ৰমিককেইজনৰ মৃত্যুৰ সঠিক কাৰণ বৰ্তমান জানিব পৰা হোৱা নাই যদিও শ্বাসৰুদ্ধ হৈ তেওঁলোকৰ মৃত্যু হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *