পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু । আৰক্ষীৰ গাড়ীৰ পৰা জঁপিওৱাৰ ফলত ৰামানুজৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে ।GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ সময়তে নৰকাসুৰ পাহাৰৰ মাজত পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে । পত্নীক হত্যা কৰাৰ গোচৰত ৰামানুজ হাতীগাঁও আৰক্ষীৰ জিম্মাত আছিল । সোমবাৰে ৰামানুজক আদালতত হাজিৰ কৰোৱাৰ কথা আছিল । এই সন্দৰ্ভত খুব সোনকালেই আৰক্ষীয়ে সবিশেষ প্ৰকাশ কৰিব ৷গুৱাহাটীৰ বেলতলা-বশিষ্ঠপুৰৰ ৪ নম্বৰ উপপথৰ ১৪ নম্বৰ ঘৰত ৬ ছেপ্তেম্বৰৰ নিশা ৰিয়া তালুকদাৰৰ মৃতদেহ উদ্ধাৰ হৈছিল । ‘অঞ্জলি গৃহ’ নামৰ অট্টালিকাটোৰ তৃতীয় মহলাৰ নিজা ফ্লেটৰ পৰা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছিল । ৬ ছেপ্তেম্বৰৰ নিশাই লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্ত ৰামানুজ গোস্বামীক আত্ম সমৰ্পনৰ পিছত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *