পুনৰ কৃত্ৰিম বানত বুৰিল গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল । সোমবাৰে নিশাৰে পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলত পানী জমা হোৱাৰ ফলত স্বাভাৱিক জীৱন যাপন ব্যাহত হৈছে ।ইয়াৰ মাজতে মঠঘৰীয়াত হোৱা ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে ।বৰষুণৰ মাজতেই মঙলবাৰে পুৱা প্ৰায় ৮ বজাত মহানগৰীৰ মঠঘৰীয়াৰ লক্ষ্মী মন্দিৰ অঞ্চলত হোৱা ভয়াৱহ ভূমিস্খলনত নগেন ৰাজবংশীৰ লগতে তেওঁৰ পত্নী মীনা ৰাজবংশী আৰু কন্য়া চুনু ৰাজবংশীৰ মৃত্য়ু হয় । চাৰিজনীয়া পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ বিপ্লৱ ৰাজবংশীক স্থানীয় ৰাইজে বোকামাটিৰ তলৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগে লগে স্থানীয় ৰাইজে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । Share this:FacebookX Related Post navigation পুনৰ উত্তপ্ত মণিপুৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম