দিল্লীৰ তিহাৰ জেলত বিগত প্ৰায় পাঁচ বছৰ ধৰি কাৰাবন্দী হৈ থকা জে এন ইউৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে নিউয়ৰ্কৰ নৱ-নিযুক্ত মেয়ৰ জোহৰান মমদানীয়ে। বৃহস্পতিবাৰে মমদানীয়ে নিউয়ৰ্ক চহৰৰ প্ৰথমগৰাকী মুছলমান মেয়ৰ হিচাপে শপত গ্ৰহণ কৰাৰ দিনাই এই পত্ৰখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভাৰতীয় মূলৰ মমদানীয়ে খালিদৰ প্ৰতি সমৰ্থন আগবঢ়াই উল্লেখ কৰিছে যে, “আমি তোমাৰ বিষয়ে ভাবি আছোঁ।”

ওমৰ খালিদৰ সংগী বনজ্যোৎস্না লাহীৰিয়ে নিজৰ এক্স একাউণ্টৰ জৰিয়তে এই হাতে লিখা পত্ৰখন ৰাজহুৱা কৰে। পত্ৰখনত মমদানীয়ে খালিদৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে হোৱা বাৰ্তালাপৰ কথা উল্লেখ কৰিছে। তেওঁ লিখিছে, “মৰমৰ ওমৰ, মই প্ৰায়েই তিতা-কেহা অনুভৱৰ সন্দৰ্ভত তোমাৰ কথা আৰু ইয়াক নিজৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিয়াৰ গুৰুত্বৰ বিষয়ে ভাবোঁ।” মমদানীয়ে লগতে ওমৰ খালিদৰ পিতৃ-মাতৃক লগ পাই সুখী হোৱাৰ কথাও পত্ৰখনত প্ৰকাশ কৰে।

উল্লেখ্য যে, ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত সংঘটিত গোষ্ঠীগত সংঘৰ্ষৰ আঁৰত গভীৰ ষড়যন্ত্ৰ থকাৰ অভিযোগত ওমৰ খালিদক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পাছৰে পৰা তেওঁ কাৰাগাৰত বন্দী হৈ আছে। ইফালে, আমেৰিকাৰ সৰ্ববৃহৎ চহৰখনৰ মেয়ৰ হিচাপে শপত লোৱা মমদানীৰ এই সমৰ্থনে সমগ্ৰ বিষয়টোক আন্তৰ্জাতিক পৰ্যায়ত এক নতুন মাত্ৰা প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *