বিশ্বৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক ৰায়দান। ৰোহিংগীয়া জনগোষ্ঠীৰ ওপৰত সংঘটিত গণহত্যাৰ গোচৰত ম্যানমাৰক জগৰীয়া ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় আদালতে।

প্ৰায় ৭ বছৰীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত এই ৰায়দানক আন্তঃৰাষ্ট্ৰীয় ন্যায়বিচাৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ঘটনা হিচাপে বিবেচনা কৰা হৈছে।

অভিযোগ অনুসৰি, ম্যানমাৰৰ সেনাই ৰোহিংগীয়া জনগোষ্ঠীৰ ওপৰত চলাইছিল নিৰ্মম অত্যাচাৰ। নিৰ্বিচাৰে হত্যা, মহিলাৰ ওপৰত যৌন নিৰ্যাতন আৰু শিশুৰ ওপৰত অমানৱীয় অত্যাচাৰৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছিল সেনাৰ বিৰুদ্ধে।

এই হিংসাত্মক অভিযানত হাজাৰ হাজাৰ ৰোহিংগীয়া লোকৰ প্ৰাণহানি হোৱাৰ অভিযোগো উত্থাপিত হৈছিল।

দীৰ্ঘদিনীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতৰ এই ৰায়ে ৰোহিংগীয়া জনগোষ্ঠীৰ ন্যায় লাভৰ সংগ্ৰামত নতুন গুৰুত্ব বহন কৰিছে।

বিশ্বজুৰি মানৱ অধিকাৰ আৰু গণহত্যাৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই ৰায়দানৰ প্ৰভাৱ যথেষ্ট তাৎপৰ্যপূৰ্ণ হ’ব বুলি চৰ্চা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *