ভাৰতৰ দ্বিতীয় বৃহত্তম এনবিএফচি-এমএফআই মুথূট মাইক্ৰ’ফিনে অসমত প্ৰথমটো শাখা মুকলি কৰি উত্তৰ-পূবত পদচিহ্নৰে বিত্তীয় অন্তৰ্ভুক্তি সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। সমগ্ৰ ভাৰতৰ ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত উপস্থিতি থকা প্ৰতিষ্ঠানটোৱে যোৱা ২৯ জুলাইত মিৰ্জাত প্ৰথমটো শাখা উদ্বোধন কৰে। মিৰ্জাত প্ৰতিষ্ঠানটোৰ প্ৰথমটো শাখা মুকলি কৰি নিজৰ উপস্থিতি দেশৰ ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ বৃদ্ধি কৰিছে। কৌশলগত স্থানত অৱস্থিত এই শাখাটোৱে আশে-পাশে থকা গ্ৰাম্য জনসাধাৰণৰ লগতে বৃহত্তৰ গুৱাহাটী মহানগৰ অঞ্চলকো সেৱা আগবঢ়াবলৈ সাজু হৈছে, যাৰ ফলত গ্ৰাম্য ঋণৰ সুবিধা বৃদ্ধি পোৱাৰ লগতে স্থানীয় বিত্তীয় পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাত অৰিহণা যোগাব।অসম, ইয়াৰ স্পন্দনশীল ক্ষুদ্ৰ উদ্যোগ সংস্কৃতি আৰু মহিলা নেতৃত্বাধীন ব্যৱসায়ৰ শক্তিশালী ভিত্তিৰ সৈতে, ক্ষুদ্ৰ বিত্তীয় ব্যৱসায়ৰ বাবে এক প্ৰতিশ্ৰুতিপূৰ্ণ বজাৰ উপস্থাপন কৰে। এই পদক্ষেপৰ কথা সদৰি কৰি মুথুট মাইক্ৰ’ফিনৰ চিইঅ’ চাদাফ ছায়েদে কয় যে, “অসমে কেৱল এখন বজাৰেই প্ৰতিনিধিত্ব নকৰে, ই ভাৰতৰ উত্তৰ-পূবৰ উদ্যমিতাৰ স্থিতিস্থাপকতা আৰু অন্বেষণ নোহোৱা অলেখ সম্ভাৱনাক প্ৰতিফলিত কৰে। উঃ-পূবত উপস্থিতি আৰ্থিক প্ৰৱেশৰ ব্যৱধান দূৰ কৰা আৰু দায়িত্বশীল ঋণ প্ৰথাক প্ৰসাৰিত কৰাৰ বাবে আমাৰ দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। সমগ্ৰ ভাৰতৰ লাখ লাখ গ্ৰাম্য লোকক সেৱা আগবঢ়োৱা এটা প্ৰতিষ্ঠান হিচাপে আমি ভালদৰে অনুঢাৱন কৰোঁ যে কিদৰে আঞ্চলিক প্ৰয়োজনীয়তাৰ সৈতে আমাৰ দৃষ্টিভংগী নিৰ্ধাৰণ কৰিব পাৰি আৰু আমি স্থানীয় সম্প্ৰদায়ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি স্থায়ী মূল্য সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”গুৱাহাটীলৈকে সম্প্ৰসাৰণে অৱহেলিত খণ্ডসমূহ, বিশেষকৈ মহিলা উদ্যোগীসকলৰ বাবে বিত্তীয় সেৱাসমূহ যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। স্থানীয় অংশীদাৰসকলে এই পদক্ষেপক অধিক অৰ্থনৈতিক কাম-কাজ আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত এক পদক্ষেপ হিচাপে আদৰণি জনাইছে। অসমলৈ মুথুট মাইক্ৰ’ফিনৰ আগমনৰ লগে লগে বিত্তীয় সাক্ষৰতাকেন্দ্ৰিক পদক্ষেপ আৰু সামৰ্থ্য-নিৰ্মাণৰ প্ৰচেষ্টাও অন্তৰ্ভুক্ত থাকিব, যিয়ে মহিলা সবলীকৰণৰ লক্ষ্যক আগুৱাই নিব আৰু সমগ্ৰ গ্ৰাম্য ভাৰতত বহনক্ষম, তৃণমূল উদ্যমিতাক উৎসাহিত কৰিব। Share this:FacebookX Related Post navigation জাইকা আৰু অসম চৰকাৰে সহযোগিতাৰে ক্ৰীড়াৰ জৰিয়তে সবলীকৰণ কৰিছে ৰাজ্যৰ নিৰ্বাচিত মহিলা ক ভি ফাইনেঞ্চ মুকলি কৰাৰ কথা ঘোষণা ভি (ভোডাফোন আইডিয়া)ৰ