নিউজউইকে একেৰাহে ছয় বছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰা গুৰগাঁওস্থিত মেদাণ্ট– দ্য মেডিচিটীয়ে কৃত্ৰিম বুদ্ধিমত্তা (এআই) আৰু তথ্য বিশ্লেষণ ব্যৱহাৰ কৰি নিখুঁত কৰ্কট ৰোগৰ চিকিত্সাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নাগালেণ্ডলৈ নিজৰ প্ৰসাৰ সম্প্ৰসাৰণ কৰিছে। ১৬ ছেপ্টেম্বৰত ডিমাপুৰত এনজিঅ’ বিয়ণ্ড কেঞ্চাৰ আৰু খ্ৰীষ্টিয়ান ইনষ্টিটিউট অৱ হেল্থ চায়েঞ্চছ এণ্ড ৰিচাৰ্ছ(চিআইএইচএছআৰ)ৰ সহযোগিতাত আয়োজিত এক সজাগতা অনুষ্ঠানত মেদাণ্টৰ মেডিকেল অঙ্কলজি বিভাগৰ সঞ্চালক ডাঃ অমিত ভাৰ্গৱে জিনমিকছ আৰু এআই-ৰ অগ্ৰগতিয়ে কেনেদৰে কৰ্কট ৰোগৰ চিকিৎসাত যুগান্তৰকাৰী ৰূপান্তৰ আনিছে তাৰ ওপৰত আলোকপাত কৰিছে। “ এআই-চালিত প্লেটফৰ্মে চিকিৎসাৰ প্ৰতিক্ৰিয়াৰ পূৰ্বানুমান কৰিব পাৰে, প্ৰয়োজনীয় ঔষধ চিনাক্ত কৰিব পাৰে আৰু আনকি অভিযোজিত পৰীক্ষাসমূহ ডিজাইন কৰিব পাৰে, যাৰ ফলত কৰ্কট ৰোগ বিশেষজ্ঞসকলে পৰম্পৰাগত কেম’থেৰাপীৰ বাহিৰেও অন্য পন্থাৰে আগবাঢ়িব পাৰে”, তেওঁ কয়। তেওঁ চিকিত্সাৰ উন্নত ফলাফলৰ বাবে আগতীয়াকৈ চিনাক্তকৰণ আৰু উপযোগী চিকিৎসাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উত্তৰ-পূৰ্বাঞ্চলত দেশৰ ভিতৰতে সৰ্বাধিক কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা গৈছে, নাগালেণ্ডত ধঁপাত সেৱন অন্যতম কাৰ হৈয়ে আছে। সজাগতা অধিবেশনৰ পিছতে মেদাণ্ট হাস্পতালৰ চিকিৎসকসকলে ডিমাপুৰত অ’পিডি সেৱা আয়োজন কৰি বিশেষজ্ঞৰ পৰামৰ্শৰে ৰোগীসকলক উপকৃত কৰে। মুখ্যমন্ত্ৰীৰ স্বাস্থ্য বীমা আঁচনি (চিএমএইচআইএছ)ৰ অধীনত নাগালেণ্ড চৰকাৰৰ সৈতে মেদাণ্টৰ বুজাবুজিৰ চুক্তি আৰু আইডিএনৰ সৈতে অংশীদাৰিত্বৰে স্বাস্থ্য সজাগতা পুস্তিকা মুকলি কৰাৰ পিছতে এই প্ৰচাৰ কৰা হয়। এই পদক্ষেপে উন্নত কৰ্কট ৰোগৰ চিকিত্সাৰ চাহিদা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে, কিয়নো সমগ্ৰ অসমৰ ৰোগীসকলে প্ৰায়ে বিশেষ চিকিৎসাৰ বাবে মেট্ৰ’ চহৰলৈ যায়। মেদাণ্টৰ উত্তৰ-পূব হেল্পলাইন (0124-6930090) আৰু সম্প্ৰসাৰণ কাৰ্যসূচীৰ জৰিয়তে অত্যাধুনিক কেন্সাৰ ৰোগৰ যত্নৰ সুলভতা উন্নত হোৱাৰ আশা কৰা হৈছে, যাৰ ফলত অঞ্চলটোৰ ৰোগীসকলৰ চিকিৎসাৰ ব্যৱধান হ্ৰাস পাব। Share this:FacebookX Related Post navigation অসমীয়াৰ বুকু শুধা কৰি অচিন দেশলৈ গ’লগৈ মৰমৰ জুবিন কাইলৈ অনুষ্ঠিত হ’ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন