আই পি এল ২০২৬ৰ প্ৰথম ২০খন খেলৰ সূচী বুধবাৰে প্ৰকাশ কৰে। অহা ২৮ মাৰ্চত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত অনুষ্ঠিত হ’ব উদ্বোধনী মেচখন। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই খেলখন। একেখন খেলপথাৰতে যোৱা বছৰৰ ৪ জুনত আৰচিবিৰ প্ৰথম খিতাপ জয় কৰাৰ পিছত আৰচিবিৰ বিজয় পেৰেডৰ সময়ত ১১ জন লোকৰ মৃত্যু ঘটিছিল। অৱশ্যে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত খেলসমূহ কৰ্ণাটক চৰকাৰৰ বিশেষজ্ঞ সমিতিৰ অনুমোদনৰ পিছতহে অনুষ্ঠিত হ’ব। বিশেষজ্ঞ সমিতিয়ে ২০২৬ চনৰ ১৩ মাৰ্চত এম চিন্নাস্বামী ষ্টেডিয়াম নিৰীক্ষণ কৰিব। আই পি এল ২০২৬ৰ প্ৰথম পৰ্যায়ত ১৬ দিনত ২০খন খেল অনুষ্ঠিত হ’ব, য’ত চাৰিখন ডাবলহেডাৰো থাকিব।

৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ (এম আই)য়ে ২৯ মাৰ্চত নিজৰ ঘৰুৱা খেলপথাৰ ৱানখেড়ে ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব।অহা ৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ অভিযান আৰম্ভ হ’ব। ঋতুৰাজ গাইকৱাদৰ অধিনায়কত্বত চি এছ কেৰ হৈ প্ৰথমবাৰৰ বাবে খেলা দেখা যাব সঞ্জু চেমছন। ২০২৬ চনৰ টি-২০ বিশ্বকাপত তেওঁ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল। পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত দ্বিতীয় পৰ্যায়ৰ আই পি এলৰ সূচী প্ৰকাশ পাব। ২০০৮ চনত আই পি এল আৰম্ভ হোৱাৰ পৰাই যেতিয়াই সাধাৰণ নিৰ্বাচন (২০০৯, ২০১৪, ২০১৯, আৰু ২০২৪) বা ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়, তেতিয়াই প্ৰতিযোগিতাৰ সূচী দুটা ভাগত প্ৰকাশ কৰা হয়।

পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ বাবে আই পি এলৰ উদ্বোধনী মেচখন দুদিনলৈ পিছুৱাই দিয়া হৈছে। প্ৰথমে ২৬ মাৰ্চৰ পৰা লীগ আৰম্ভ হোৱাৰ কথা আছিল যদিও এতিয়া ২৮ মাৰ্চত অনুষ্ঠিত হ’ব। বিধানসভা নিৰ্বাচন থকা ৰাজ্যসমূহৰ চাৰিখন ডাঙৰ ষ্টেডিয়ামত আই পি এলৰ মেচ অনুষ্ঠিত হ’ব। তামিলনাডুৰ চেন্নাইস্থিত এম এ চিদাম্বৰম ষ্টেডিয়াম (চেপাউক) চেন্নাই ছুপাৰ কিংছৰ ঘৰুৱা খেলপথাৰ। পশ্চিম বংগৰ কলকাতাৰ ইডেন গাৰ্ডেন কলকাতা নাইট ৰাইডাৰ্ছৰ ঘৰুৱা খেলপথাৰ হোৱাৰ বিপৰীতে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ দ্বিতীয়টো ঘৰুৱা খেলপথাৰ হিচাপে পৰিগণিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *