দেশৰ বজাৰত চেনিৰ পৰ্যাপ্ত নাটনি ৰোধ আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰপ্তানিৰ ওপৰত অহা ৩০ ছেপ্টেম্বৰলৈকে নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। বুধবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এক জাননীৰ জৰিয়তে কেঁচা, বগা আৰু পৰিশোধিত চেনিৰ ৰপ্তানি নীতি ‘সংকুচিত’ শ্ৰেণীৰ পৰা ‘নিষিদ্ধ’ শ্ৰেণীলৈ সলনি কৰে। ঘৰুৱা উপলব্ধতা বৃদ্ধিৰ স্বাৰ্থত গ্ৰহণ কৰা এই সিদ্ধান্ত তৎকালীনভাৱে কাৰ্যকৰী হ’ব বুলি বৈদেশিক বাণিজ্য সঞ্চালকালয়ে স্পষ্ট কৰি দিয়ে। চৰকাৰী নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি, আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি ইউৰোপীয় ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ নিৰ্ধাৰিত কোটাৰ অধীনত চেনি ৰপ্তানি অব্যাহত থাকিব। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এই সন্দৰ্ভত কয়, “চেনিৰ ৰপ্তানি নীতি ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে অথবা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নিষিদ্ধ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে।” অৱশ্যে যিবোৰ চেনিৰ চালান ইতিমধ্যে বন্দৰ পাইছে বা যাৰ লোডিং প্ৰক্ৰিয়া আৰম্ভ হৈছে, সেইবোৰক ৰপ্তানিৰ অনুমতি দিব চৰকাৰে। চৰকাৰে লগতে কয় যে খাদ্য সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কোনো বিশেষ দেশৰ চৰকাৰে আনুষ্ঠানিকভাৱে অনুৰোধ জনালে ভাৰতে চেনি ৰপ্তানিৰ ক্ষেত্ৰত বিবেচনা কৰাৰ থল আছে। ইয়াৰ উপৰিও এডভান্সড অথৰাইজেচন স্কিমৰ অধীনতো চেনিৰ চালান প্ৰেৰণ কৰিব পৰা যাব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। যদিহে এই নিষেধাজ্ঞা ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰৰ পাছত বৃদ্ধি কৰা নহয়, তেন্তে চেনিৰ ৰপ্তানি নীতি স্বয়ংক্ৰিয়ভাৱে পুনৰ ‘সংকুচিত’ শ্ৰেণীলৈ ঘূৰি যাব। আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ এই পদক্ষেপে এক বিশেষ প্ৰভাৱ পেলাব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে। Share this:FacebookX Related Post navigation অসমৰ ৰাজ্যপালৰ বিশেষ পদক্ষেপ: খৰচ কমাবলৈ কনভয়ত বাহন সংখ্যা হ্ৰাস কেৰালাৰ নতুন মুখ্যমন্ত্ৰী কোন? বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে ৰাজনৈতিক উত্তেজনা তুঙ্গত