২.৫ কোটি টকীয়া বান সাহাৰ্যৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল কেবিচি বিজয়ী তহচিলদাৰ অমিতা সিং টোমৰ। মধ্যপ্ৰদেশৰ বড়োদা তহচিলত ২০২১ চনত সংঘটিত হোৱা এই ভয়ংকৰ বিত্তীয় অনিয়মৰ বাবে বৃহস্পতিবাৰে গোৱালিয়ৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আদালতত হাজিৰ কৰোৱাৰ পাছতে প্ৰাক্তন তহচিলদাৰগৰাকীক বৰ্তমান শিৱপুৰীৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছে প্ৰশাসনে।

বিজয়পুৰৰ তহচিলদাৰ হিচাপে কৰ্মৰত টোমৰক বুধবাৰে জিলা উপায়ুক্ত অৰ্পিত বাৰ্মাই কৰ্তব্যত গাফিলতিৰ বাবে পদৰ পৰা অপসাৰণ কৰিছিল। বড়োদাৰ মহকুমা আৰক্ষী বিষয়া অবনীত শৰ্মাৰ নেতৃত্বত যোৱা এটা দলে গোৱালিয়ৰৰ চন্দ্ৰবদনীনকা স্থিত বাসগৃহৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযুক্ত মহিলাগৰাকীয়ে পূৰ্বে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আৱেদন কৰিছিল যদিও দুয়োখন আদালতে তেওঁৰ আৱেদন খাৰিজ কৰিছিল।

তদন্তকাৰী বিষয়াৰ মতে, এই বৃহৎ কেলেংকাৰীটোত প্ৰায় ২.৫ কোটি টকা ভুৱা বেংক একাউণ্টলৈ হস্তান্তৰ কৰি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত পঞ্জীয়ন হোৱা এজাহাৰত মুঠ ১১০ জন লোকৰ নাম অন্তৰ্ভুক্ত আছে। বৰ্তমানলৈকে এই গোচৰত এজন তহচিলদাৰ আৰু ২২ জন পাটোৱাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষী অধীক্ষক সুধীৰ কুমাৰ আগৰৱালাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *