২০২৫ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হাম্পিৰ সমীপত এগৰাকী বিদেশী পৰ্যটক আৰু এগৰাকী হোমষ্টে’ স্বত্বাধিকাৰীক ধৰ্ষণ কৰাৰ লগতে এজন পৰ্যটকক হত্যা কৰা জঘন্য কাণ্ডৰ আজি চূড়ান্ত ৰায়দান কৰে কৰ্ণাটকৰ এখন আদালতে। গংগাৱতীৰ প্ৰথম অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ সদানন্দ নাগাপ্পা নাইকে এই পাশৱিক কাণ্ডৰ সৈতে জড়িত তিনিগৰাকী অভিযুক্ত ক্ৰমে মাল্লেশ ওৰফে হাণ্ডিমাল, সাই আৰু চৰণাপ্পাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। যোৱা ৬ ফেব্ৰুৱাৰীত আদালতে এই তিনিওগৰাকীক দোষী সাব্যস্ত কৰিছিল।

উল্লেখ্য যে, যোৱা বৰ্ষৰ ৬ মাৰ্চৰ নিশা বিশ্ব ঐতিহ্য ক্ষেত্ৰখনৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰৈৰ চানাপুৰ হ্ৰদৰ সমীপত এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছিল। এদল পৰ্যটকে নৈশ আহাৰ গ্ৰহণ কৰি তুংগভদ্ৰা খন্দৰ পাৰত বহি সংগীতৰ আমেজ লৈ থকাৰ সময়তে এখন মটৰ চাইকেলত অহা তিনি দুৰ্বৃত্তই তেওঁলোকক আক্ৰমণ কৰে। পোনতে পেট্ৰ’ল পাম্পৰ ঠিকনা সুধি দুৰ্বৃত্তই পৰ্যটকসকলৰ পৰা ধন দাবী কৰে আৰু পাছত তেওঁলোকক পানীত পেলাই দিয়ে।

সেই নিশাই দুৰ্বৃত্তই এগৰাকী ২৭ বছৰীয়া ইজৰাইলী মহিলা আৰু ২৯ বছৰীয়া এগৰাকী স্থানীয় হোমষ্টে’ স্বত্বাধিকাৰীক যৌন নিৰ্যাতন চলাই মোবাইল ফোন আৰু নগদ ধন লুট কৰি পলায়ন কৰে। পানীত উটি যোৱা পৰ্যটকসকলৰ ভিতৰত আমেৰিকা আৰু মহাৰাষ্ট্ৰৰ দুজন যুৱকে সাঁতুৰি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও ওড়িশাৰ এজন যুৱকৰ সলিল সমাধি ঘটে। পিছদিনা পুৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এই ধৰ্ষণৰ গোচৰত হত্যাৰ ধাৰাও সংযোগ কৰা হয়।

পৰ্যটন কেন্দ্ৰটোত বিদেশী পৰ্যটকৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হোৱা এই ঘটনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই ঘটনাৰ কেইদিনমানৰ ভিতৰতে তিনিওগৰাকী অভিযুক্তক কৰায়ত্ত কৰিছিল। ঘটনাৰ ১১ মাহৰ পাছত আদালতে প্ৰদান কৰা এই কঠোৰতম শাস্তিয়ে ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *