জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত হৈছে শ্যামকানু মহন্ত । যাক ইতিমধ্যে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছে । জুবিন গাৰ্গৰ মৃত্যুৰে শ্যামকানু মহন্তৰ নাম সাঙোৰ খোৱাৰ পিছতে চৰকাৰে তেওঁৰ সৈতে জড়িত সকলো উৎসৱ বা অনুষ্ঠানক নিষিদ্ধ ঘোষণা কৰিছে । কিন্তু তাৰ মাজতে চৰ্চালৈ আহিছে যোৰহাট মহবন্ধাস্থিত অসমৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান কাজিৰঙা বিশ্ববিদ্যালয় । কাৰণ ২০১২ চনৰ পৰাই কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য হৈ আছিল বিতৰ্কিত শ্যামকানু মহন্ত ।অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অন্যতম অভিযুক্ত এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰে জড়িত হৈ থকা বিষয়টো পোহৰলৈ অহাৰ লগে লগে সৰ্বত্ৰে সমালোচনাৰ পাত্ৰ হৈ পৰিছে বিশ্ববিদ্যালয়খন । এনে পৰিস্থিতিত সমগ্ৰ বিষয়টো জানিবলৈ বিশ্ববিদ্যালয়খনত বুধবাৰে উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সজাতি দল । তাৰ পিছতে কাজিৰঙা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰিচালনা সমিতিৰ পৰা শ্যামকানু মহন্তক ৰাজহুৱাভাৱে বহিষ্কাৰ কৰাৰ কথা স্পষ্ট কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *