ভাৰত-বাংলাদেশ সীমান্তত অবৈধ অনুপ্ৰৱেশক লৈ অব্যাহত থকা বিতৰ্কৰ মাজতে এইবাৰ অপহৃত হ’ল অসমৰ এজন কৃষক। কাছাৰ জিলাৰ ৰঞ্জিত দাস নামৰ কৃষকজনক মঙলবাৰে পুৱা সীমান্তসংলগ্ন এলেকাৰ পৰা বাংলাদেশী লোকৰ এটা দলে অপহৰণ কৰা বুলি জানিব পৰা যায়। অৱশ্যে একেদিনাই নিশা বাংলাদেশ সীমান্তৰক্ষী বাহিনীয়ে কৃষকজনক ভাৰতীয় কৰ্তৃপক্ষৰ হাতত চমজাই দিয়ে।

জানিব পৰা মতে, সীমান্তসংলগ্ন এলেকাত ঘাঁহ কাটিবলৈ যোৱাৰ সময়তে নিখোজ হয় ৰঞ্জিত দাস নামৰ কৃষকজন। স্থানীয় লোকে কৃষকজনক ভাৰতীয় সীমান্তৰ কাঁটাতাৰৰ বাহিৰৰ ‘জিৰ’ পইণ্ট’ এলেকাৰ পৰা বাংলাদেশলৈ লৈ যোৱা বুলি দাবী কৰে।

ঘটনাটোৰ পিছতে সীমান্তৱৰ্তী অঞ্চলটোত উদ্বেগ বৃদ্ধি পায়। দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ হস্তক্ষেপত বিষয়টোৰ সমাধানৰ প্ৰচেষ্টা আৰম্ভ হয়। পিছত মঙলবাৰে নিশা প্ৰায় ১০ বজাত ব’ৰ্ডাৰ গাৰ্ড বাংলাদেশে (বিজিবি) কৃষকজনক ভাৰতীয় কৰ্তৃপক্ষৰ হাতত চমজাই দিয়ে।

ইফালে, পৃথক এক ঘটনাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সীমান্তৱৰ্তী ‘ন’-মেনছ লেণ্ড’ এলেকাত নজন সন্দেহযুক্ত বাংলাদেশী অনুপ্ৰৱেশকাৰী আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰিও দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীৰ মাজত বৈঠক অনুষ্ঠিত হয়।

সীমান্তৰ এই দুয়োটা ঘটনাই পুনৰবাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষা আৰু মানৱীয় প্ৰশ্নক আলোচনাৰ কেন্দ্ৰবিন্দুলৈ আ

Leave a Reply

Your email address will not be published. Required fields are marked *