অসমৰ সক্ৰিয় ৰাজনীতিত পদাৰ্পণ কৰিছে ঝাৰখণ্ড মুক্তি মৰ্চাই। আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাৰ লগে লগে দলটোৱে সোমবাৰে ২১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰে। ঝাৰখণ্ডৰ বাহিৰত নিজৰ ৰাজনৈতিক স্থিতি সবল কৰাৰ লক্ষ্যৰে জেএমএমে এইবাৰ আনুষ্ঠানিকভাৱে ৰাজ্যখনৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। দলটোৰ কেন্দ্ৰীয় সমিতিয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই প্ৰাৰ্থীসকলৰ নাম ৰাজহুৱা কৰে। ঘোষিত তালিকাখনত চাহ জনগোষ্ঠীয় আৰু জনজাতীয় প্ৰধান সমষ্টিসমূহক বিশেষ গুৰুত্ব প্ৰদান কৰিছে জেএমএম কৰ্তৃপক্ষই। দলটোৱে মাজবাটৰ পৰা প্ৰীতি ৰেখা বৰলা, বিশ্বনাথৰ পৰা টেহাৰু গৌড়, খুমটাইৰ পৰা অমিত নেওগ আৰু চাবুৱাৰ পৰা ভূৱেন মুৰাৰীক নিৰ্বাচনী খেলপথাৰত নমাইছে। ইয়াৰ উপৰি গোসাইগাঁও সমষ্টিৰ পৰা ফেড্রিকচন হাস্দাক প্ৰাৰ্থিত্ব প্ৰদান কৰি দলটোৱে নামনি অসমতো নিজৰ শক্তি প্ৰদৰ্শনৰ প্ৰস্তুতি চলাইছে। সোণাৰিৰ পৰা বলদেৱ তেলী, দুলীয়াজানৰ পৰা পিটাৰ মিঞ্জ আৰু ডিগবৈৰ পৰা ভৰত নায়কৰ দৰে প্ৰাৰ্থীৰ নামেৰে জেএমএমে উজনি অসমৰ চাহ বলয়ত প্ৰতিযোগিতা তীব্ৰতৰ কৰি তুলিছে। ইয়াৰ লগতে মাৰ্ঘেৰিটাৰ পৰা জেমল মিঞ্জ, নাহৰকটীয়াৰ পৰা সঞ্জয় বাঘ আৰু ডুমডুমাৰ পৰা ৰত্নাকৰ তাঁতীক প্ৰাৰ্থিত্ব দি নিৰ্বাচনী যুঁজখনত এক বিকল্প শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। ৰাজ্যখনৰ নিৰ্বাচনী দৃশ্যপটত এই নতুন ৰাজনৈতিক মেৰুকৰণে প্ৰতিষ্ঠিত দলসমূহৰ বাবে এক নতুন প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে। Share this:FacebookX Related Post navigation হাফলঙত পট পৰিৱৰ্তন; বিজেপি এৰি কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল নন্দিতা গাৰ্লোচাৰ