আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পাকিস্তানৰ প্ৰতি দেখুওৱা শেহতীয়া সমৰ্থনৰ বিষয়টোৱে এতিয়া দেশৰ ৰাজনৈতিক মহলত সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ। পাকিস্তান আৰু আফগানিস্তানৰ মাজত চলি থকা সংঘাতৰ মাজতে ট্ৰাম্পে পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু সেনা প্ৰধানক কৰা প্ৰশংসাই ভাৰতৰ বৈদেশিক কূটনীতিৰ ব্যৰ্থতা উদঙাইছে বুলি শনিবাৰে দাবী কৰে কংগ্ৰেছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আলিংগনৰ কূটনীতি’ক লক্ষ্য কৰি লৈ কয় যে তথাকথিত ‘বিশ্বগুৰু’ৰ প্ৰকৃত স্বৰূপ এতিয়া আমেৰিকাৰ ওচৰত ধৰা পৰিছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে দেশৰ অৰ্থনৈতিক আৰু সামৰিক কূটনীতিৰ ওপৰত উত্থাপন কৰে প্ৰশ্ন। জয়ৰাম ৰমেশে কয়, “আমেৰিকাৰ সৈতে আমাৰ অৰ্থনৈতিক কূটনীতি শোচনীয়ভাৱে ব্যৰ্থ হৈছে, কাৰণ মোদীয়ে একপক্ষীয় বাণিজ্যিক চুক্তিত আত্মসমৰ্পণ কৰিছে।” তেওঁ লগতে কয়, “আমেৰিকাৰ কৃষকৰ পৰা সামগ্ৰী আমদানি কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে যদিও ভাৰতীয় ৰপ্তানিৰ ক্ষেত্ৰত কোনো স্পষ্ট নিশ্চয়তা নাই।” উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে পাকিস্তানক লৈ কৰিছে অত্যন্ত ইতিবাচক মন্তব্য। ট্ৰাম্পে কয়, “পাকিস্তানৰ সৈতে মোৰ সম্পৰ্ক অতি মধুৰ। তাত এগৰাকী দক্ষ প্ৰধানমন্ত্ৰী আৰু এজন মহান জেনেৰেল আছে যি দুজন ব্যক্তিক মই যথেষ্ট সন্মান কৰোঁ।” ট্ৰাম্পৰ এই মন্তব্যই ভাৰতৰ বাবে কঢ়িয়াই আনিছে অস্বস্তি, বিশেষকৈ ২০২৫ চনৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত য’ত পাকিস্তানৰ উচতনি থকাৰ অভিযোগ উঠিছিল। কংগ্ৰেছৰ মতে, এই বাণিজ্যিক চুক্তিৰ কেইদিনমান পাছতেই আমেৰিকাই ভাৰতীয় সৌৰ পেনেলৰ ওপৰত ১২৫.৮৭ শতাংশ আমদানি শুল্ক আৰোপ কৰাটোৱে প্ৰমাণ কৰে চৰকাৰৰ দুৰ্বলতাক। জয়ৰাম ৰমেশে অভিযোগ কৰা মতে, প্ৰধানমন্ত্ৰীয়ে নিজৰ পদ্ধতিৰে বিভিন্ন বঁটা লাভ কৰিব পাৰে, কিন্তু বিশ্বৰ ওচৰত তেওঁৰ কূটনীতি এতিয়া প্ৰশ্নবোধক হৈ পৰিছে। আমেৰিকাই পুনৰ ভাৰত আৰু পাকিস্তানক একেখন তুলাচনীত জোখিবলৈ আৰম্ভ কৰাটোৱে দক্ষিণ এছিয়াৰ ৰাজনীতিত দিছে নতুন মোৰ। Share this:FacebookX Related Post navigation ভাৰত–ইজৰাইল সম্পৰ্কত ঐতিহাসিক মুহূৰ্ত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কনেছেটৰ বিশেষ সন্মান