মহাপুৰুষ মাধৱদেৱৰ স্মৃতি বিজৰিত বৰপেটা জিলাৰ অন্তৰ্গত বাঘবৰৰ বৈঠাপুতা সত্ৰখনক ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ উপায় উলিওৱাৰ বাবে এক সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰাৰ লক্ষ্য আগত ৰাখি অসম চৰকাৰৰ অনুৰোধ মৰ্মে জাপান চৰকাৰৰ “Asian Development Bank”ৰ সহযোগত জাপান চৰকাৰৰ বিশেষজ্ঞ দল এটাই ১৯ জুলাইত বৈঠাপুতা সত্ৰখন পৰিদৰ্শন কৰে। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়ন আৰু সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ সম্পাদক দিলীপ কুমাৰ মেধিয়ে জনোৱা মতে, বিশেষজ্ঞৰ দলটোয়ে শেহতীয়াভাৱে গৰাখহনীয়াৰ ফলত সত্ৰখন আৰু ৩০টা খিলঞ্জীয়া পৰিয়ালৰ লগতে নিকটৱৰ্তী অঞ্চলসমূহৰ অস্তিত্বৰ প্ৰতি অহা ভাবুকিক প্ৰতিৰোধ কৰাৰ বাবে এক অধিক কাৰ্য্যক্ষম আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে এক উপায় উদ্ভাৱন কৰিবলৈ দলটোৱে সত্ৰখনৰ লগতেই গৰাখহনীয়া সৃষ্টি কৰা অঞ্চলসমূহত এক ক্ষেত্ৰভিত্তিক অধ্যয়ন চলায়। ইপিনে বিশেষজ্ঞৰ দলটোৱে লগতে ২০২৩ চনৰ ২৬ অক্টোবৰত হোৱা ভূমিকম্পৰ ফলত ঐতিহাসিক বাঘবৰ পাহাৰত সংঘটিত হোৱা ভূমিস্খলনত বৈঠাপুতা সত্ৰ লৈ অহা-যোৱা কৰা একমাত্ৰ পথটো তললৈ বহি যোৱাৰ বাবে ৰাইজৰ সন্মুখীন হোৱা অসুবিধা সম্পৰ্কতো এক অধ্যয়ন চলায়। উক্ত ভ্ৰমণৰ সময়ত বৰপেটা দুৰ্যোগ প্ৰশমন বিষয়া নন্দিতা দত্ত , বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সোণবৰ চুতীয়া, জল সম্পদ বিভাগৰ চেঙা-মন্দিয়া সংমণ্ডলৰ উপ-সংমণ্ডল বিষয়া উৎপল দেউৰী আৰু কনিষ্ঠ অভিযন্তা মৃগেন নাথে দলটোক সহায়-সহযোগ আগবঢ়ায়। উল্লেখযোগ্য যে, অসম সত্ৰ মহাসভা, বৈঠাপুতা সত্ৰ সমিতিৰ প্ৰৱল হেঁচাত আৰু ২৭ জুনৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাৰ বৰপেটা সত্ৰ ভ্ৰমণৰ সময়ত বৈঠাপুতা সত্ৰ সমিতিৰ সৈতে মুখ্যমন্ত্ৰীৰ লগত হোৱা এক আলোচনাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তৎকালীনভাৱে সত্ৰখনক ৰক্ষা কৰাৰ বাবে এক কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছিল। Share this:FacebookX Related Post navigation ২০২৪ বিত্তীয় বৰ্ষত শিক্ষাৰ বাবে ৮.২৮ লাখ কোটি টকা ব্যয় দিল্লী বিশ্ববিদ্যালয়ে বৃদ্ধি কৰিলে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ মাচুল