দেশৰ অন্যতম জনপ্ৰিয় ইনষ্টেণ্ট নুডলছ ব্ৰেণ্ড মেগীক কেন্দ্ৰ কৰি পুনৰ উত্থাপিত হৈছে খাদ্য সুৰক্ষাজনিত বিতৰ্ক। মেগীৰ এটা পেকেটত পোক-পতংগ বা লাৰ্ভা পোৱাৰ অভিযোগৰ ভিত্তিত এইবাৰ নেছলে ইণ্ডিয়ালৈ জাননী জাৰি কৰিছে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান নিৰ্ধাৰণ প্ৰাধিকৰণে (FSSAI)।

জানিব পৰা মতে, মেগীৰ এটা পেকেটত পোক-পতংগ সদৃশ বস্তু উদ্ধাৰ হোৱা বুলি কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰা হৈছিল। সেই অভিযোগৰ ভিত্তিত বিষয়টোৰ ব্যাখ্যা বিচাৰি নেছলে ইণ্ডিয়ালৈ আনুষ্ঠানিক জাননী প্ৰেৰণ কৰে FSSAIয়ে।

ইফালে, অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে নেছলে ইণ্ডিয়াই। কোম্পানীটোৱে এক বিবৃতিত কয় যে অভিযোগটোৰ সন্দৰ্ভত উপলব্ধ তথ্য আৰু প্ৰমাণে সত্যতা স্পষ্টভাৱে প্ৰতিষ্ঠা কৰিব বুলি তেওঁলোক নিশ্চিত।

লক্ষ্যণীয়ভাৱে এই অভিযোগৰ প্ৰভাৱ পৰিছে শ্বেয়াৰ মাৰ্কেটতো। শুকুৰবাৰে নেছলে ইণ্ডিয়াৰ শ্বেয়াৰৰ মূল্য প্ৰায় ৩ শতাংশলৈকে হ্ৰাস পায়। দিনটোৰ ব্যৱসায়ৰ সময়ত শ্বেয়াৰ ১,৩৭৬.২৫ টকালৈ নামি যোৱাৰ পিছত ৩.২৯ শতাংশ পতনেৰে ১,৩৭৫.৭০ টকাত বন্ধ হয়।

উল্লেখ্য যে, খাদ্য সামগ্ৰীৰ গুণগত মান আৰু সুৰক্ষাক লৈ FSSAIয়ে নিয়মিতভাৱে নজৰদাৰী অব্যাহত ৰাখিছে। মেগীৰ এই অভিযোগৰ ক্ষেত্ৰতো বিষয়টোৰ সত্যতা নিৰূপণৰ বাবে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ধাৰণা কৰা হৈছে।

অভিযোগটো সত্য নে অসত্য সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও, FSSAIৰ জাননীয়ে পুনৰ এবাৰ খাদ্য সুৰক্ষা আৰু গ্ৰাহকৰ আস্থাক লৈ আলোচনা তীব্ৰ কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *