ইতিহাসৰ সৰ্বনিম্ন স্তৰত এতিয়া উপনীত হ’ল ভাৰতীয় মুদ্ৰা। আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ ধাৰাবাহিক পতনে সোমবাৰে স্পৰ্শ কৰিলে ৯৫ৰ ঘৰ। খাৰুৱা তেলৰ বৰ্ধিত মূল্য আৰু বিশ্ব ৰাজনীতিৰ উত্তেজনাৰ বাবে ডলাৰ অধিক শক্তিশালী হোৱাৰ পৰিপ্ৰেক্ষিতত টকাৰ আন্তঃবেংক বিনিময় মূল্য ৯৫.২২ লৈ হ্ৰাস পায়। দিনটোৰ আৰম্ভণিত ৰিজাৰ্ভ বেংকে কিছু দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছিল যদিও বিয়লিৰ ভাগলৈ টকাৰ মান ১৬০ পইচাকৈ নিম্নগামী হয়। বৈদেশিক মুদ্ৰা বিনিময় বজাৰৰ তথ্য অনুসৰি শুকুৰবাৰে টকাৰ মূল্য ৯৪.৮৫ ত বন্ধ হৈছিল। সোমবাৰে পুৱা ৯৩.৬২ টকাত বজাৰ খোল খাই এক সময়ত ই ৯৩.৫৭ লৈ উন্নীত হৈছিল। কিন্তু এই ধাৰা অব্যাহত ৰাখিব নোৱাৰি টকাৰ মূল্যই অৱশেষত এক অভূতপূৰ্ব পতনৰ মুখ দেখে। বিশেষজ্ঞসকলৰ মতে, খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰতি বেৰেলত ১১৫.৫০ ডলাৰলৈ বৃদ্ধি পোৱাটোৱে ভাৰতীয় মুদ্ৰাৰ ওপৰত প্ৰচণ্ড চাপৰ সৃষ্টি কৰিছে। ইফালে, দেশৰ শ্বেয়াৰ বজাৰতো আজি এক প্ৰকাণ্ড ধ্বংসলীলা পৰিলক্ষিত হয়। মুম্বাই শ্বেয়াৰ বজাৰৰ সূচক চেঞ্চেক্স ১৭৩৩.৭৮ পইণ্ট হ্ৰাস পাই ৭১,৮৪৯.৪৪ ত উপনীত হোৱাৰ বিপৰীতে নিফ্টী ৫২৮.৪৫ পইণ্ট নামি ২২,২৯১.১৫ স্তৰত থমকি ৰয়। বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলে ধাৰাবাহিকভাৱে শ্বেয়াৰ বিক্ৰী কৰি থকাৰ ফলতেই বজাৰৰ এই দুৰৱস্থা হোৱা বুলি ধাৰণা কৰা হৈছে। Share this:FacebookX Related Post navigation জুবিন গাৰ্গক ১০০ দিনৰ ভিতৰত ন্যায় দিয়াৰ দাবীৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কংগ্ৰেছৰ চাৰিওখন সদনৰ সদস্য হোৱাৰ বিৰল কৃতিত্ব; বিধান পৰিষদৰ পৰা পদত্যাগ কৰি ৰাজ্যসভালৈ নীতিশ কুমাৰ