তীব্ৰ ইন্ধন সংকটৰ সন্মুখীন হোৱা চুবুৰীয়া দেশ বাংলাদেশলৈ সহায়ৰ হাত আগবঢ়ালে ভাৰতে। দুই দেশৰ মাজত হোৱা পাইপলাইন চুক্তি অনুসৰি পাইপলাইনেৰে ৫০০০ টন ডিজেলৰ প্ৰথমটো চালান আজি প্ৰেৰণ কৰা হয়। পাৰ্বতীপুৰ সীমান্তৰ জৰিয়তে এই ইন্ধন দেশখনত প্ৰৱেশ কৰিব বুলি জানিব পৰা গৈছে। বাংলাদেশ পেট্ৰ’লিয়াম কৰ্প’ৰেচনৰ (বিপিচি) অধ্যক্ষ মহম্মদ ৰেজানুৰ ৰহমানে এই যোগানৰ কথা নিশ্চিত কৰি কয়, “ভাৰতৰ সৈতে হোৱা আমাৰ চুক্তি মৰ্মে প্ৰতি বছৰে পাইপলাইনেৰে ১,৮০,০০০ টন ডিজেল যোগান ধৰা হ’ব। আজিৰ ৫০০০ টনৰ চালানটো সেই চুক্তিৰে এক অংশ।” আগন্তুক দুমাহত চুক্তিৰ লক্ষ্য অনুসৰি সম্পূৰ্ণ পৰিমাণৰ ইন্ধন সংগ্ৰহ কৰা হ’ব বুলিও তেওঁ আশাপ্ৰকাশ কৰে। ইফালে দেশখনৰ আভ্যন্তৰীণ ইন্ধন সংকটক লৈ উদ্বেগ প্ৰকাশ কৰিছে বাংলাদেশৰ শক্তি মন্ত্ৰীয়ে। একাংশ অসাধু ব্যৱসায়ীয়ে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি ইন্ধন মজুত কৰি ৰখাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়, “চৰকাৰে ইন্ধনৰ সীমা নিৰ্ধাৰণ কৰি দিছে যদিও বহু পেট্ৰ’ল পাম্পত অধিক মুনাফাৰ বাবে অবৈধভাৱে ইন্ধন বিক্ৰী আৰু সৰবৰাহ চলি থকাৰ তথ্য পোৱা গৈছে।” পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাংলাদেশ চৰকাৰে ইতিমধ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইন্ধনৰ ক’লা বজাৰ আৰু অবৈধ মজুতকৰণ ৰোধ কৰিবলৈ দেশজুৰি অভিযান আৰম্ভ কৰা হৈছে। ভাৰতৰ এই সময়োচিত সহায়ৰ ফলত বাংলাদেশৰ বৰ্তমানৰ ইন্ধন সংকট কিছু পৰিমাণে লাঘৱ হ’ব বুলি ধাৰণা কৰা হৈছে। Share this:FacebookX Related Post navigation শিক্ষকৰ পাৰস্পৰিক বদলি প্ৰক্ৰিয়াত বৃহৎ সংশোধন; দুবছৰীয়া বাধ্যবাধকতা প্ৰত্যাহাৰ চৰকাৰৰ নলবাৰীত নিশাৰ উত্তপ্ত পৰিস্থিতিৰ পাছত মুকলি কংগ্ৰেছী কাৰ্যকৰ্তাক; দোষীক গ্ৰেপ্তাৰৰ দাবী অশোক শৰ্মাৰ