অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণত জনসাধাৰণৰ অৱদানৰ লগতে শাসনত থকা পক্ষৰ দায়বদ্ধতাৰ এক বিশেষ ভূমিকা আছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে সোমবাৰে নাগপুৰত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত এই মন্তব্য কৰে। ভাৰতক নতুনকৈ হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ কোনো প্ৰয়োজন নাই বুলি তেওঁ নিজৰ ভাষণত উল্লেখ কৰে। দেশখন ইতিমধ্যে এক হিন্দু ৰাষ্ট্ৰ হিচাপেই পৰিচিত বুলিও দাবী কৰে সংঘৰ মুৰব্বীগৰাকীয়ে।

নাগপুৰৰ ৰেশমবাগত ড° হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত ভাগৱতে কেইবাজনো বিশিষ্ট ব্যক্তিক সন্মানিত কৰে। ৰাম মন্দিৰ নিৰ্মাণৰ দৰে এক ঐতিহাসিক লক্ষ্য বাস্তৱায়িত কৰিবলৈ যিসকল লোকে দিনে-নিশাই শ্ৰম কৰিছিল, সেইসকল ব্যক্তিক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈকে আয়োজন কৰা হৈছিল এই অনুষ্ঠানৰ। প্ৰকৃততে ভগৱানৰ ইচ্ছাৰ ফলতহে ইমান বিশাল এক সংকল্প আজি সাকাৰ হৈ উঠিল বুলি মন্তব্য কৰে ভাগৱতে। গোৱৰ্ধন পৰ্বত উত্তোলনৰ প্ৰসংগ উত্থাপন কৰি মোহন ভাগৱতে কয়, “সকলোৱে নিজৰ লাখুটিৰে সহায় নকৰালৈকে কোনো এক মহৎ কাৰ্য সিদ্ধ নহয়। ৰাম মন্দিৰৰ ক্ষেত্ৰতো সমগ্ৰ দেশবাসীৰ আন্তৰিক অৱদান আছিল।”

প্ৰণিধানযোগ্য যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পাছত ভাৰতীয়ত্বৰ জাগৰণ অধিক তীব্ৰ হৈছে। লণ্ডনৰ ‘দ্য গাৰ্ডিয়ান’ কাকতৰ এক প্ৰবন্ধৰ উদ্ধৃতি দি ভাগৱতে কয় যে ১৯৪৭ চনতে ভাৰতে ব্ৰিটিছক বিদায় দিছিল। কিন্তু প্ৰকৃত অৰ্থত ভাৰতীয় আত্মাই শেহতীয়াকৈহে পৰিপূৰ্ণ মুক্তি লাভ কৰিলে। দেশত যদি এক শক্তিশালী গণ-আন্দোলন গঢ়ি নুঠিলহেঁতেন আৰু চৰকাৰী পক্ষই দায়বদ্ধতা নেদেখুৱালেহেঁতেন, তেন্তে ৰাম মন্দিৰ নিৰ্মাণ হোৱাটো এক কঠিন প্ৰত্যাহ্বান হ’লহেঁতেন।

পূৰ্বতে হিন্দু ৰাষ্ট্ৰৰ ধাৰণাটোক লৈ একাংশই উপহাস কৰিছিল যদিও বৰ্তমান সময়ত সকলোৱে এই বাস্তৱক স্বীকাৰ কৰিছে বুলিও মন্তব্য কৰে আৰএছএছৰ মুৰব্বীগৰাকীয়ে। তেওঁ কয় যে সূৰ্য পূবত উদয় হোৱাটো যিদৰে ঘোষণা কৰাৰ প্ৰয়োজন নাই, ঠিক তেনেকৈ ভাৰত হিন্দু ৰাষ্ট্ৰ হোৱাটোও এক স্বাভাৱিক সত্য।

Leave a Reply

Your email address will not be published. Required fields are marked *