ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত ৭ ৰাণৰ এক শ্বাসৰুদ্ধকৰ জয় সাব্যস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত জয়লাভ কৰাৰ লগে লগে ভাৰতীয় দলটোৱে চতুৰ্থবাৰৰ বাবে এই প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ সক্ষম হয়।

প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰা ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই ২৫৩ ৰাণৰ এক বিশাল স্ক’ৰ থিয় কৰায়, যিটো বিশ্বকাপৰ নকআউট পৰ্যায়ৰ ইতিহাসত সৰ্বাধিক ৰাণ হিচাপে পৰিগণিত হয়।

ভাৰতৰ এই বিয়াগোম ইনিংছৰ মূল কাণ্ডাৰী আছিল সঞ্জু ছেমচন। তেওঁ মাত্ৰ ৪২ টা বলত ৮৯ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে। ইয়াৰ উপৰি শিৱম ডুবেৰ ৪৩ ৰাণ আৰু ঈশান কিষাণৰ ৩৯ ৰাণৰ সহায়ত ভাৰতে ইংলেণ্ডৰ সন্মুখত ২৫৪ ৰাণৰ এক কঠিন লক্ষ্য বান্ধি দিয়ে।

ইংলেণ্ডৰ বলাৰসকলৰ ভিতৰত উইল জেকছ আৰু আদিল ৰছিদে দুটাকৈ উইকেট দখল কৰিলেও জোফ্ৰা আৰ্চাৰ আৰু ছেম কৰণ যথেষ্ট ব্যয়বহুল প্ৰমাণিত হয়।

২৫৪ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ ওলাই ইংলেণ্ডে নিৰ্ধাৰিত অভাৰত ৭ টা উইকেট হেৰুৱাই ২৪৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়।

ইংৰাজ বাহিনীৰ হৈ জেকব বেথেলে ৪৮ টা বলত ১০৫ ৰাণৰ এক অসাধাৰণ শতকীয় ইনিংছ খেলি দলটোক জয়ৰ দিশে নিবলৈ চেষ্টা কৰে যদিও হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তেওঁলোকৰ জয়ৰ আশা আধাতে মৰহি যায়। হাৰ্দিকে ৩৮ ৰাণৰ বিনিময়ত দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে।

এই জয়েৰে ভাৰতে অহা ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেগা ফাইনেলত স্থান লাভ কৰিছে। প্ৰতিযোগিতাৰ অন্তিমখন খেলত খিতাপ জয়ৰ লক্ষ্যৰে নিউজিলেণ্ডৰ বিৰুদ্ধে সমুখ সমৰত অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো। আজিৰ খেলখনত উন্নত বেটিঙৰ বাবে সঞ্জু ছেমচনক ‘প্লেয়াৰ অৱ দ্য মেচ’ সন্মানেৰে বিভূষিত কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *